অসম

assam

ETV Bharat / state

শ্ৰেণীকোঠা এৰি ৰাজপথত বদৰপুৰৰ ছাত্ৰ-ছাত্ৰী

মাচুল হ্ৰাস আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ৷

শ্ৰেণীকোঠা এৰি ৰাজপথত বদৰপুৰৰ ছাত্ৰ-ছাত্ৰী

By

Published : Jul 24, 2019, 4:06 AM IST

শ্ৰেণীকোঠা এৰি ৰাজপথত বদৰপুৰৰ ছাত্ৰ-ছাত্ৰী

কৰিমগঞ্জ,24 জুলাইঃশ্ৰেণীকোঠাত নহয় ৰাজপথত প্ৰতিবাদত ব্যস্ত ছাত্ৰ-ছাত্ৰী ৷ বৰাক উপত্যকাৰ বদৰপুৰ নবীন চন্দ্ৰ কলেজ আৰু অন্যান্য কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে 'শিক্ষামন্ত্ৰী হায় হায়','শিক্ষা বিভাগ হায় হায়' ধ্বনিৰে উত্তাল কৰিল ৰাজপথ ৷ ফি মুকুব দাবী ছাত্ৰ সংগ্ৰাম কমিটিৰ আহ্বানত হাতে হাতে প্লে-কাৰ্ড লৈ ৰাজপথলৈ উলাই আহিল ছাত্ৰ-ছাত্ৰীসকল ৷ এক প্ৰতিবাদী বিক্ষোভ সমদল উলিয়াই সমগ্ৰ বদৰপুৰ এলেকা পৰিদৰ্শন কৰি চক্ৰ অধিকাৰীৰ হাতত মহাবিদ্যালয়ৰ মাচুল হ্ৰাস আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত আছিল সংগ্ৰাম কমিটিৰ মুখ্য উপদেষ্টা প্ৰজ্বল দেৱকে ধৰি অন্যান্য কাৰ্যকর্তা সকল ।

ABOUT THE AUTHOR

...view details