অসম

assam

ETV Bharat / state

চিণ্ডিকেটৰ বিৰুদ্ধে CBI তদন্তৰ কমলাক্ষ দে’ পুৰকায়স্থৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বৰাকত চলি থকা চিণ্ডিকেট ৰাজ সম্পৰ্কত বহু বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত বৰাকত এটা CBI তদন্তকাৰী দল প্ৰেৰণৰ বাবে অনুৰোধ জনায় বিধায়ক গৰাকীয়ে ৷

mla-kamalakshya-dev-purkayastha-demands-special-inquiry-of-syndicate-raj-in-barak-valley
বৰাকৰ চিণ্ডিকেট ৰাজ সম্পৰ্কত বিস্ফোৰক মন্তব্য কমলাক্ষ দে পুৰুকায়স্থৰ

By

Published : Jun 13, 2021, 10:54 PM IST

কৰিমগঞ্জ, 13 জুন : দেওবাৰে, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই এক সংবাদমেল যোগে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(ex cm sarbananda sonowal)ক সমালোচনা কৰি কয় যে, ''পূৰ্বৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাৰ মজিয়াত চিণ্ডিকেটৰ ওপৰত চিবিআইৰ তদন্ত(cbi inquiry)ৰ ঘোষণা কৰিছিল, এইকথা আমি ভাল পাইছিলো কিন্তু আজিলৈকে এয়া সম্ভৱ হোৱা নাই । কিয়নো চিবিআই(CBI) তদন্ত হ’লে ডাঙৰ ডাঙৰ ৰৌ বৰালিৰ নাম ওলাই পৰিব ।'' ইয়াৰ লগতে তেওঁ কয় যে, বৰাকত সকলো চিণ্ডিকেটৰ সৈতে জড়িত আছে, কিছু চৰকাৰী বিষয়া আৰু শাসক দলৰে একাংশ বিধায়ক(ruling party mla)।

আৰক্ষী অধীক্ষক(police sp)ৰ মুখৰ আগেদি কৰিমগঞ্জৰ বাবা হোটেললৈ অভাৰলোড ট্ৰাক কেনেকৈ আহিছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, বিগত কেইদিনমান আগতে কৰিমগঞ্জ আৰক্ষীয়েই সুতাৰকান্দি বন্দৰৰ পৰা মাথো ন খন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিলে । আচলতে সেই কেইখন ট্ৰাকৰ পৰা কোনোধৰণ লেনদেনেই হোৱা নাছিল ৷ যাৰ বাবে এই ট্ৰাক কেইখন জব্দ কৰা হৈছিল ।

বৰাকৰ চিণ্ডিকেট ৰাজ সম্পৰ্কত বিস্ফোৰক মন্তব্য কমলাক্ষ দে পুৰুকায়স্থৰ

ইয়াৰোপৰি, বিধায়ক গৰাকীয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে, যদি চৰকাৰৰ সদিচ্ছা থাকে তেনেহলে বৰাকৰ সকলো বিধায়কক লাই ডিটেক্টৰৰ আগত বহুৱাব লাগে আৰু তেতিয়াই সকলো ৰহস্যৰ উদঘাটন হ’ব ৷ ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(cm himanta bishwa sarma)লৈ অনুৰোধ জনায় যে, মুখ্যমন্ত্ৰী গৰাকীয়ে যাতে, এটা যোগ্য তদন্তকাৰী দল বৰাকলৈ প্ৰেৰণ কৰি সত্যৰ উন্মোচন কৰে ৷

লগতে পঢ়ক :৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ বাসগৃহ

ABOUT THE AUTHOR

...view details