কৰিমগঞ্জ,31 অক্টোবৰ : শুকুৰবাৰে দেশ তথা ৰাজ্যজুৰি পালন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা লক্ষ্মী পূজা ৷ কৰ’ণা ত্ৰাসৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে লক্ষ্মী পূজা ৷ সবৰ্ত্ৰে আৰাধনা কৰিছে ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক ৷
অভাৱ-অনাটন, দুৰ্ভিক্ষৰ পৰা পৰিত্ৰাণ পাবলৈ লক্ষ্মী দেৱীৰ চৰণত সেৱা লৈছে সকলোৱে ৷ কৰিমগঞ্জৰ ভিন্ন ঠাইৰ লগতে পাথাৰকান্দিতো ক’ভিড প্ৰট’কলৰ মাজেৰে উদযাপন কৰা হয় লক্ষ্মী পূজা ৷