কৰিমগঞ্জ, 26 অক্টোবৰ :আজি বিজয়া দশমী ৷ পাঁচদিনীয়া পূজাৰ অন্তত দেৱী আজি উভটিব স্বৰ্গলৈ ৷ তাৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰায়বোৰ নদীৰ ঘাট ৷ কৰিমগঞ্জৰ কুশিয়াৰা নৈৰ ঘাটো দেৱী বিসৰ্জনৰ বাবে সাজু কৰি তুলিছে প্ৰশাসনে ৷ ইতিমধ্যে জিলাখনত আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷ কুশিয়াৰা নৈত অসমৰ উপৰিও বাংলাদেশৰ জকিগঞ্জ এলেকাৰ দুৰ্গা পূজাৰ দেৱী বিসৰ্জন দিয়া হয় ৷ চুবুৰীয়া ৰাষ্ট্ৰখনে এই কাৰ্যত কোনো বাধাৰ সন্মুখীন নহ’বলৈ তৎপৰ হৈ উঠিছে সীমান্ত আৰক্ষী ৷ তদুপৰি বিসৰ্জন ঘাটত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷
দেৱী বিসৰ্জনৰ বাবে সাজু কুশিয়াৰা নৈৰ ঘাট - বিজয়া দশমী
আজি বিজয়া দশমী ৷ ধৰাৰ বুকুৰ পৰা আজি স্বর্গলৈ উভতিব দেৱী দুর্গা ৷ মূৰ্তি বিসৰ্জনৰ বাবে সাজু কৰিমগঞ্জ প্ৰশাসন । জিলাখনৰ ভাৰত-বাংলা সীমান্তৰ কুশিয়াৰা নৈত হ’ব মূৰ্তি বিসৰ্জনৰ কাৰ্যসূচী ৷
দেৱী বিসৰ্জনৰ বাবে সাজু কৰিমগঞ্জ প্ৰশাসন