অসম

assam

কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জ

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগলৈ চিকিৎসাৰ অৰ্থে অহা এগৰাকী ৰোগীৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ এই ঘটনা পোহৰলৈ অহাত আতংকৰ সৃষ্টি হয় চিকিৎসালয়খনত ৷

By

Published : Jul 26, 2020, 10:43 PM IST

Published : Jul 26, 2020, 10:43 PM IST

Karimganj will be community spread area for covid 19 assam etv bharat news
গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জ

কৰিমগঞ্জ,26 জুলাই:কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে কৰিমগঞ্জ জিলা ৷ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগলৈ চিকিৎসাৰ অৰ্থে অহা এগৰাকী ৰোগীৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ এই ঘটনা পোহৰলৈ অহাত আতংকৰ সৃষ্টি হয় চিকিৎসালয়খনত ৷ ঘটনাৰ বিৱৰণী অনুসৰি,শনিবাৰে নিশা জ্বৰ, কাহ, উশাহৰ সমস্যাত ভূগি থকা এগৰাকী ব্যক্তি ভৰ্তি হৈছিল চিকিৎসালয়খনৰ মেডিচিন বিভাগত ৷ অন্যান্য পৰীক্ষাৰ লগতে ৰোগীগৰাকীৰ সম্পন্ন কৰা হৈছিল স্বাৱৰ পৰীক্ষা ৷ দেওবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত ৰোগীগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ সম্প্ৰতি ৰোগীগৰাকীক কৰ’ণা ভাইৰাছৰ চিকিৎসাৰ অৰ্থে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জ

আনহাতে,এই ঘটনাৰ পিছত চিকিৎসালয়খনৰ কৰ্তব্যৰত চিকিৎসকে সমগ্ৰ মেডিচিন বিভাগটো সুৰক্ষাৰ স্বাৰ্থত চেনিটাইজেচন কৰা হোৱাৰ কথা জানিবলৈ দিয়ে ৷ ইতিমধ্যে জিলাখনত পাঁচগৰাকী বিএছএফ-ৰ জোৱানৰ দেহতো ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি ৷ কিন্তু ইয়াৰ পিছতো ৰাজ্যৰ সীমান্তৱৰ্তী জিলাখনত কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ৰাইজৰ সচেতনতাৰ অভাৱ পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃৰঙিয়াত একেদিনাই ষোল্ল গৰাকীৰ দেহত কোভিড 19

ABOUT THE AUTHOR

...view details