অসম

assam

By

Published : Nov 23, 2020, 8:24 PM IST

ETV Bharat / state

কৰিমগঞ্জত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা

কৰিমগঞ্জত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ দোকানত আৱদ্ধ কৰি ৰাখি চিকিৎসাৰ নামত যুৱতীক ধৰ্ষণ চলায় এজন মৌলাই ৷

AS_KRJ_KARIMGANJ_RAPE_IMG_ASC10028
কৰিমগঞ্জত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা

কৰিমগঞ্জ, 23 নৱেম্বৰ :কৰিমগঞ্জত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ চিকিৎসাৰ নামত যুৱতীক দোকানত আৱদ্ধ কৰি ৰাখি ধৰ্ষণ কৰে এজন মৌলাই ৷ দিনহাজিৰা কৰা দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকী কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থতাত ভুগিছিল ৷ ইয়াৰ পিছতে যুৱতীগৰাকীক সুস্থ কৰাৰ আশ্বাস প্ৰদান কৰি দোকানলৈ মাতি নি নিচাজাতীয় দ্ৰব্য খুৱাই যৌন আতিশাৰ্য কামাল উদ্দিন নামৰ মৌলাজনে ৷ জ্ঞান ঘূৰাই পোৱাত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰি পলোৱাৰ চেষ্টা চলোৱাত ভাবুকি প্ৰদান কৰে অভিযুক্ত কামাল উদ্দিনে ৷

ধৰ্ষণৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ

আনহাতে, বহু দেৰিলৈকে কন্যা ঘৰলৈ উভটি নোযোৱাত পৰিয়ালৰ লোকে আহি স্থানীয় ৰাইজৰ সহযোগত দোকানৰ দুৱাৰ ভাঙি যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত কামাল উদ্দিন ৷ ঘটন্দৰ্ভত ইতিমধ্য যুৱতীৰ পৰিয়ালে ৰাতাবাৰী থানাত ৰুজু কৰিছে গোচৰ ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই ব্যাপক উত্তেজনা দেখা দিছে ৰাতাবাৰী সমষ্টিত ৷ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক-অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

ABOUT THE AUTHOR

...view details