কৰিমগঞ্জ,17 জুন: কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণৰ নামত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ ৷ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগত এই বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কৰিমগঞ্জৰ বদৰপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ এলেকাত ছমাহ আগতে কুশিয়াৰা নৈৰ ছিঙা মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে এক কোটি সত্তৰ লাখ টকা লাভ কৰে ৷ কিন্তু আজিলৈকে আৰম্ভ ন'হল মথাউৰি নিৰ্মাণৰ কাম ৷ ৰাইজৰ অভিযোগ প্ৰতি বছৰে ভঙা মথাউৰীৰ বাবেই নৈৰ বুকুত উটি যায় স্থানীয় বাসিন্দাৰ সা-সম্পত্তি ৷
কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ!! - etv bharat assam
"কৰিমগঞ্জৰ বদৰপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ এলেকাত ছমাহ আগতে কুশিয়াৰা নৈৰ ছিঙা মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে এক কোটি সত্তৰ লাখ টকা লাভ কৰে ৷ কিন্তু আজিলৈকে আৰম্ভ ন'হল মথাউৰি নিৰ্মাণৰ কাম ৷ ৰাইজৰ অভিযোগ প্ৰতি বছৰে ভঙা মথাউৰীৰ বাবেই নৈৰ বুকুত উটি যায় স্থানীয় বাসিন্দাৰ বহু সা-সম্পত্তি"
কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণত কোটি টকীয়া কেলেংকাৰী
আনহাতে,বিগত কিছুদিন ধৰি অহা প্ৰৱল বৰষুণে নিদ্ৰা হৰণ কৰিছে স্থানীয় বাসিন্দাৰ ৷ বৰষুণৰ বাবে পুনৰ খহনীয়া হোৱাৰ আশংকাত ঘৰ-দুৱাৰ এৰি অন্য ঠাইত বসবাস কৰিছে একাংশ লোকে ৷ তাৰোপৰি মথাউৰি নিৰ্মাণৰ কথা বিভাগীয় ঠিকাদাৰ তথা অভিযন্তাক অনুৰোধ কৰিলে স্থানীয় ৰাইজক ধমকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷