অসম

assam

By

Published : Dec 8, 2021, 6:44 PM IST

Updated : Dec 8, 2021, 8:11 PM IST

ETV Bharat / state

Burmese supari seized :পাথাৰকান্দিত চুপাৰি ভৰ্তি ৪ খন বাহন জব্দ

অসমত সক্ৰিয় হৈ আছে চুপাৰি চিণ্ডিকেট চক্ৰ (Burmese supari syndicate in Assam)। কৰিমগঞ্জৰ পাথাৰকাণ্ডিত জব্দ চুপাৰি ভৰ্তি ৪ খন বাহন । মিজোৰামৰ জামুৱাঙৰ পৰা অসমলৈ অনা হৈছিল চুপাৰিখিনি ।

Burmese supari seized
পাথাৰকান্দিত চুপাৰি ভৰ্তি ৪ খন বাহন জব্দ

কৰিমগঞ্জ,৮ ডিচেম্বৰ :ৰাজ্যত একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে চুপাৰি চিণ্ডিকেট (Burmese supari syndicate in Assam)। অসমৰ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টি এতিয়া এই চিণ্ডিকেটৰ ঘাটি হিচাপে পৰিগণিত হৈছে । কিয়নো সমষ্টিটোত প্ৰায় অবৈধ চুপাৰি ভৰ্তি ট্ৰাক জব্দ হোৱা দেখা গৈছে । এইবাৰ সমষ্টিটোৰ বাজাৰিছড়াত স্থানীয় ৰাইজ আৰু সাংবাদিকৰ সহযোগত আৰক্ষীয়ে ৪ খনকৈ চুপাৰি ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় (Illegal burmese supari seized at Patharkandi)।

নিশা চুপাৰিখিনি মিজোৰামৰ জামুৱাঙৰ পৰা অসমলৈ অনা হৈছিল । কেঁচা চুপাৰিখিনি বাৰ্মিজ চুপাৰি বুলি স্বীকাৰ কৰে বাহন কেইখনৰ চালকে । ঘটনাত বাহন কেইখনৰ চালকসহ ৮ জন লোকক আৰক্ষীয়ে আটক কৰে । জব্দ হোৱা চুপাৰি ভৰ্তি বাহন কেইখনৰ নম্বৰ হৈছে MZ-০১-N-৫৭৩১, AS-১১-DC-৫০৭৪, AS-১১-EC-০৪৫৩ আৰু AS-১০-C-৭৭১৯ ।

জানিব পৰা মতে মিজোৰামৰ কানমুনৰ জামুয়াঙৰ পৰা অসমৰ মেধলীছড়া হৈ ৰাতি অসমত প্ৰবেশ কৰিছিল চুপাৰি ভৰ্তি বাহনকেইখন । নিশা স্থানীয় ৰাইজৰ সহযোগত সাংবাদিকৰ এটা দলে থানাৰ সম্মুখতে গাড়ী কেইখন ধৰি বাজাৰিছড়া আৰক্ষীক খবৰ দিয়ে ।

পাথাৰকান্দিত চুপাৰি ভৰ্তি ৪ খন বাহন জব্দ

অভিযোগ অনুসৰি দীৰ্ঘ সময় ধৰি নিষ্ক্ৰিয় ভূমিকা পালন কৰে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে । অৱশ্যে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকসহ শীৰ্ষ আৰক্ষী বিষয়াক বিষয়টো অৱগত কৰাৰ পাছতহে বাজাৰিছড়া থানাৰ আৰক্ষী আহি গাড়ী কেইখন থানালৈ লৈ যায় (Illegal supari loaded truck seized at Patharkandi)। উল্লেখ্য যে প্ৰায়ে এনেদৰে বাৰ্মিজ চুপাৰি অবৈধভাৱে অসমলৈ ৰপ্তানি হৈ আছে ।

কিন্তু বিভিন্ন সময়ত আৰক্ষীৰ ভূমিকাৰ বাবে তেনে অবৈধ চুপাৰি অসমত প্ৰৱেশ কৰে । আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে । বহুতে প্ৰশ্ন কৰিছে আৰক্ষীৰ চকুৰ সন্মুখতে কেনেদৰে মিজোৰামৰ পৰা অবৈধ চুপাৰি অসমত প্ৰৱেশ কৰে ?

লগতে পঢ়ক :Drugs Seized at Indo-Myanmar border : মণিপুৰ-ম্যানমাৰ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

Last Updated : Dec 8, 2021, 8:11 PM IST

ABOUT THE AUTHOR

...view details