অসম

assam

ETV Bharat / state

পায়সে ল’লে প্ৰাণ : দুজনৰ অৱস্থা সংকটজনক

খাদ্যত বিষক্ৰিয়াৰ ফলত কৰিমগঞ্জত অসুস্থ একে পৰিয়ালৰ দহজনকৈ লোক ৷ সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অহাৰ পিচতে মৃত্যু ঘটিছে পৰিয়ালৰ মূৰব্বী শ্যামলী শুক্লবৈদ্যৰ ৷

By

Published : Jul 13, 2019, 3:07 PM IST

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ একেটা পৰিয়ালৰে দহজন,মৃত্যু এগৰাকী মহিলা

কৰিমগঞ্জ,13 জুলাইঃ কৰিমগঞ্জৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ দোহালিয়াত খাদ্যত বিষক্ৰিয়াৰ ফলত অসুস্থ একে পৰিয়ালৰে দহজনকৈ লোক ৷ আনহাতে সংকটজনক অবস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অহাৰ পিচতে মৃত্যু ঘটিছে পৰিয়ালৰ মূৰব্বী শ্যামলী শুক্লবৈদ্যৰ । আন তিনিজন সদস্যৰ অৱস্থা বৰ্তমানেও সংকটজনক ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে পৰিয়ালটোৰ ৰাজু শুক্লবৈদ্য, শুক্লা ৰাণী শুক্লবৈদ্য, সুমিতা শুক্লবৈদ্য, ৰিপন শুক্লবৈদ্য সহ মুঠ আঠ গৰাকী লোক ৷ ৪৮ ঘন্টা নোহোৱালৈকে কাৰো অৱস্থাৰ কথা কোৱা সম্ভব নহ'ব বুলি উল্লেখ কৰে কৰ্মৰত চিকিৎসকগৰাকীয়ে ৷

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ একেটা পৰিয়ালৰে দহজন,মৃত্যু এগৰাকী মহিলা

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে নিশা বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰ দিয়া পায়স বনাই খাই অসুস্থ হৈ পৰে লোক কেইজন৷ প্ৰতিবেশীয়ে সকলোকে পাথাৰাকন্দি চিকিৎসালয়লৈ লৈ যায় ৷ চিকিৎসালয়তেই পৰিয়ালৰ মূৰব্বী শ্যামলী শুক্লবৈদ্যৰ মৃত্যু হয় আৰু আন দুজনৰো অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details