কৰিমগঞ্জত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ শক্তি বিভাগৰ
কৰিমগঞ্জত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ ৷ দুৰ্ঘটনাকলৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ
কৰিমগঞ্জ,5 জুলাই : ৰাজ্যত বিপদজনকভাৱে বিদ্যুৎ যোগানৰ অভিযোগ ৷ মানুহৰ জীৱনক লৈ হেতালি খেলি বাঁহৰ খুটাত বিপদসংকুলভাৱে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৰাজ্যৰ শক্তি বিভাগে ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰি সমষ্টিৰ চেৰাগিবন্দ এলেকাত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৷ ইতিমধ্যে,এনে কাৰণত এটাৰ পাচত এটা দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত কোনো সমাধান উলিয়াব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ দিয়াৰ ফলত যিকোনো সময়তে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা, যাৰবাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । বিগত দুবছৰ ধৰি বাঁহৰ খুটাৰে বিদ্যুৎ পৰিবাহী লাইন চলিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। যি সময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান আওৰাই আহিছে সেই সময়ত গ্ৰামাঞ্চলৰ এই ছবিয়ে উন্নয়নৰ প্ৰকৃত ছবি উদঙাই দিছে ৷