অসম

assam

By

Published : Jun 13, 2021, 9:24 AM IST

ETV Bharat / state

সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰাসহ আটক এজন

আন্তৰ্জাতিক চক্ৰৰ সৈতে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বেহা চলোৱা এগৰাকী ব্যৱসায়ীক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে ৷ অভিযানটোত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেটৰ সৈতে উদ্ধাৰ কৰিলে বাংলাদেশী ধন ৷

সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰা সহ আটক এজন
drug-dealer-caught-with-huge-amount-of-drugs-and-bangladeshi-currency-on-indo-bangladesh-border

কৰিমগঞ্জ, 13 জুন : ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানত কৰিমগঞ্জ আৰক্ষীৰ ব্যাপক সাফল্য । আন্তৰ্জাতিক স্তৰত বাংলাদেশী চক্ৰৰ(bangladeshi drugs racket) সৈতে অসমৰ ড্ৰাগছ ব্যৱসায়ীয়ে চলাই থকা ৰমৰমীয়া বেহাৰ ঘাটি ফাদিল কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে । এই চক্ৰটোৰ বিৰুদ্ধে গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জৰ সদৰ আৰক্ষী আৰু সীমান্তৰক্ষী বাহিনীয়ে যৌথ অভিযান চলাই সাফল্য লাভ কৰে। ভাৰত-বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত(Indo-Bangladesh international border)ৰ কাটা তাঁৰৰ বাহিৰৰ জিৰ’ লাইনত বাস কৰা এগৰাকী লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেট আৰু বাংলাদেশী ধন(bangladeshi currency) ।

আন্তৰ্জাতিক বজাৰত আশী লাখ টকাৰ অধিক মূল্যৰ প্ৰায় আঠ হেজাৰ নিষিদ্ধ ড্ৰাগছৰ টেবলেট আৰু নগদ তেৰ হেজাৰ বাংলাদেশী ধনসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম এজন ড্ৰাগছ ব্যবসায়ীক । জানিব পৰা মতে, কৰিমগঞ্জ আৰক্ষীৰ হাতত আটক হোৱা ড্ৰাগছ ব্যবসায়ীজনৰ নাম হৈছে শাকিৰ আলী । ধৃত শাকিৰৰ ঘৰ কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ নৰ্থ লাফাশাইল গাঁৱত । আন্তৰ্জাতিক সীমান্ত নিৰ্ধাৰণ কৰা কাঁইটীয়া তাঁৰৰ বাহিৰত ঘৰ হোৱাৰ সুবিধা গ্ৰহণ কৰি শাকিৰে অতি সহজে বাংলাদেশৰ সৈতে চলাই ৰাখিছিল ড্ৰাগছ ব্যৱসায় ।

সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰা সহ আটক এজন

উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষীয়ে তীব্ৰভাৱে আন্তৰ্জাতিক সীমান্তৰ বাহিৰলৈ অবৈধভাৱে গৰুৰ সৰবৰাহ কৰা, আন্তৰ্জাতিক চক্ৰৰ সহায় লৈ অবৈধভাৱে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা চলোৱা কিম্বা ড্ৰাগছৰ সৰবৰাহ কৰা লোকসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details