অসম

assam

By

Published : Apr 15, 2020, 11:11 AM IST

ETV Bharat / state

কৰিমগঞ্জৰ দুই পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট

কৰিমগঞ্জৰ বিনোদিনীত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ ঘটনাত গুৰুতৰ ভাৱে আহত দুজন ৷

Conflict between two family at Binudini of Karimganj
কৰিমগঞ্জৰ বিনোদিনীত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

কৰিমগঞ্জ,15 এপ্ৰিলঃসমগ্ৰ দেশজুৰি লকডাউন অব্যাহত থকাৰ সময়তে মঙলবাৰে নিশা কৰিমগঞ্জৰ বিনোদিনী গাঁৱত দুই পক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ ঘটনাত গুৰুতৰ ভাৱে আহত হয় দুজনকৈ লোক ৷ আহত দুয়োজনক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

কৰিমগঞ্জৰ বিনোদিনীত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

ঘটনাৰ বিৱৰণ অনুসৰি বিনোদিনী এলেকাৰ স্বপ্না বেগম আৰু নেজাম উদ্দিনৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই সংঘাতৰ ৷ অভিযোগ অনুসৰি নেজাম উদ্দিনে নিজৰ পৰিয়ালৰ আন চাৰিজন ভাতৃৰ সহযোগত স্বপ্না বেগমৰ পৰিয়ালৰ ছয় জনকৈ লোকৰ ওপৰত দা,লাঠি আদিৰে আক্ৰমণ চলাইছিল ৷ উল্লেখ্য যে স্বপ্না বেগমৰ এগৰাকী জীয়ৰীৰ বিবাহ সম্পন্ন হৈছিল নেজাম উদ্দিনৰ ভাতৃৰ সৈতে কিন্তু বিগত আঠ মাহ পূৰ্বে স্বামীহাৰা হয় স্বপ্না বেগমৰ জীয়ৰী গৰাকী ৷ ইয়াৰ পাছৰে পৰা সম্পত্তিৰ বাবে স্বামীৰ পৰিয়ালৰ হাতত শাৰীৰিক অত্যাচাৰৰ বলি হ'ব লগীয়া হয় বোৱাৰী গৰাকী ৷ মঙলবাৰে নিশাও বোৱাৰী গৰাকীৰ ওপৰত স্বামী পৰিয়ালে অত্যাচাৰ কৰাত সমগ্ৰ ঘটনা মাকক অৱগত কৰে স্বপ্না বেগমৰ কন্যাই ৷ ইয়াৰ পাছতে স্বপ্না বেগমে নিজৰ পৰিয়ালৰ আন সদস্যৰ সৈতে কন্যাৰ স্বামী গৃহলৈ যোৱাৰ লগে লগেই নেজাম উদ্দিনে নিজৰ আন ভাতৃৰ সহযোগত স্বপ্না বেগমৰ পৰিয়ালৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ ৷

লগতে পঢ়কঃ অদৃশ্য শত্ৰুৰ বিৰুদ্ধে এক বৃহৎ যুদ্ধ

ABOUT THE AUTHOR

...view details