অসম

assam

By

Published : Jul 1, 2022, 2:03 PM IST

Updated : Jul 1, 2022, 4:46 PM IST

ETV Bharat / state

বান পৰিস্থিতিৰ বুজ ল’বলৈ শন বিললৈ মুখ্যমন্ত্রী: সষ্টম প্ৰশাসন

বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি পুনৰ বৰাক উত্যকালৈ ৰাওনা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma to visit Karimganj) । কৰিমগঞ্জস্থিত এছিয়াৰ দ্বিতীয় বৃহৎ বিল শনবিলৰ(Asia's second largest wetland Sonbeel) কাষৰ থকা বানাক্ৰান্তৰ বুজ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শনবিলৰ পাৰতে প্ৰশাসনৰ লোকৰ লগত বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ৷

CM Himanta Biswa Sarma to visit Karimganj
বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি শনবিললৈ আহিব মুখ্যমন্ত্রী

কৰিমগঞ্জ, 1 জুলাই :কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ শুকুৰবাৰ অৰ্থাৎ আজি শনবিললৈ আহিব মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা(CM Himanta Biswa Sarma to visit Karimganj) । মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰৰ পৰা বিশেষ বিমানেৰে শনবিলৰ তীৰত অস্থায়ী হেলীপেডত অৱতৰণ কৰিব । ইয়াৰ পাছত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ নাৱেৰে এছিয়াৰ দ্বিতীয় বৃহৎ বিল শনবিলত উপস্থিত হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে শনবিলৰ কাষৰ থকা বানাক্ৰান্তৰ বুজ ল’ব আৰু বিলৰ পাৰত বহি জিলা প্ৰশাসনৰ লগত এক বৈঠকত মিলিত হ‘ব(CM meeting at karimganj district administration)।

মুখ্যমন্ত্রীৰ আগমণক লৈ সষ্টম প্ৰশাসন

কোনো মুখ্যমন্ত্ৰীয়ে শনবিলৰ কাষত বৈঠকত মিলিত হোৱাৰ এইয়াই প্ৰথম ঘটনা বুলি জানিব পৰা গৈছে । বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কুশিয়াৰা, বৰাক, শনবিল আৰু সিংলা নৈৰ জলস্তৰ বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈছে । বিশেষকৈ শনবিলৰ এলেকাত হেজাৰ হেজাৰ মানুহৰ ঘৰ-বাৰী পানীত বুৰ গৈছে । বানত জিলাখনৰ প্ৰায় কেইবা লাখ টকাৰ সম্পত্তি ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্রীৰ আগমণক লৈ সষ্টম প্ৰশাসন

বৰাকৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে তৃতীয়বাৰলৈ বৰাক উপত্যকাত উপস্থিত হ’ব । মুখ্যমন্ত্ৰীৰ আগমনক লৈ কৰিমগঞ্জ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । সাজু কৰি থোৱা হৈছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কেইবাখনো নাও । মুঠতে সমগ্ৰ ৰামকৃষ্ণনগৰ থানা এলেকা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখিছে প্ৰশাসনে ।

লগতে পঢ়ক :বান পৰ্যালোচনা বৈঠকত বৰপেটাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক

Last Updated : Jul 1, 2022, 4:46 PM IST

ABOUT THE AUTHOR

...view details