অসম

assam

ETV Bharat / state

কৰিমগঞ্জত দুই ফৈদৰ মাজত সংঘাত: আহত 20 জনৰো অধিক

কৰিমগঞ্জ চহৰৰ নিলগত থকা কানিশাইল এলাকাত আছে চান্দপুৰ পুৰণা জামে মছজিদ । মছজিদটো লৈ দুটা পক্ষৰ মাজত বিবাদ চলি আছিল কেইবাদিন ধৰি । এটা পক্ষৰ মতে মছজিদটোৰ পৰা উলোৱা নলাৰ লেতেৰা পানী তেওঁলোকৰ পুখুৰীত পৰে  ।

ETV BHARAT

By

Published : Jun 20, 2019, 10:20 PM IST

Updated : Jun 20, 2019, 11:55 PM IST

কৰিমগঞ্জ,20 জুন : মছজিদক কেন্দ্ৰ কৰি দুটা ফৈদৰ সংঘাতত ৰক্তাক্ত হৈ পৰিল কৰিমগঞ্জৰ কানিশাইল এলাকা । 20 জনৰো অধিক লোক আহত ।

কৰিমগঞ্জত দুই ফৈদৰ মাজত সংঘাত

কৰিমগঞ্জ চহৰৰ নিলগত থকা কানিশাইল এলাকাত আছে চান্দপুৰ পুৰণা জামে মছজিদ । মছজিদটো লৈ দুটা পক্ষৰ মাজত বিবাদ চলি আছিল কেইবাদিন ধৰি । এটা পক্ষৰ মতে মছজিদটোৰ পৰা উলোৱা নলাৰ লেতেৰা পানী তেওঁলোকৰ পুখুৰীত পৰে । ইয়াৰ বাবে তেওঁলোকে নলাটো বন্ধ কৰাৰ ব্যবস্থা কৰাৰ সময়তেই প্ৰতিবেশী বিলাল উদ্দিন, নজৰুল ইছলাম, কমৰুল ইছলাম, ৰেজাল উদ্দিন দহ বাৰো জন লোকে মছজিদৰ পৰা আহি আক্ৰমণ চলায় ফয়িদ উদ্দিন আৰু তেওঁৰ পৰিয়ালক । আনফালে আনটো পক্ষৰ লোকে জনায়, ফয়িদ উদ্দিন সহ আন কেইজনে মিলি মছজিদটো ভাঙি পেলাবলৈ চেষ্টা কৰোঁতে তেওঁলোকক প্ৰতিহত কৰে । ইয়াতে ফয়িদ উদ্দিন, অহিদ উদ্দিন, ছৈদ সহ 10-15 জন লোকে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় । অৱশ্যে এতিয়ালৈকে পোহৰলৈ অহা নাই ঘটনাটোৰ প্ৰকৃত সত্য ৷

সংঘৰ্ষত মহিলা সহ কেইবাজনো লোক আহত হৈছে । আহতসকলক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Last Updated : Jun 20, 2019, 11:55 PM IST

ABOUT THE AUTHOR

...view details