কৰিমগঞ্জত বাঁহৰ দলঙেৰে যাতায়ত ৰাইজৰ,কাণসাৰ নাই জনপ্ৰতিনিধিৰ
কৰিমগঞ্জৰ শতাধিক লোকৰ একমাত্ৰ ভৰসা এখন বাঁহৰ দলং ৷ স্থানীয় বিধায়ক কৃপানাথ মাল্লাহৰ বিৰুদ্ধে অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷
কৰিমগঞ্জ,30এপ্ৰিল: চৰকাৰী অভিলাসী আঁচনিয়ে ঢুকি নোপোৱা এখন বিশেষ দলং৷ কৰিমগঞ্জৰ ৰাতাবাৰী বিধান সভা সমষ্টিৰ নিভিয়া আৰু আংগিৰবন্দ অঞ্চল সংযোগী এখন বাঁহৰ দলঙেই একমাত্ৰ ভৰসা অঞ্চলটোৰ শতাধিক লোকৰ ৷ ছিংলা নৈৰ ওপৰত থকা এই দলঙেৰে দৈনিক মৰণত সৰণ দি যাতায়ত কৰিবলগীয়া হয় প্ৰায় আঠখন গাঁৱৰ ৰাইজে ৷ লগতে ৰাইজৰ মতে যোৱা বাৰিষাত এই দলঙৰ পৰা পৰি কেইবাজনো লোক গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে কেইবাটাও শিশুৰ মৃত্যু ঘটিছে ৷ ইপিনে ৰাইজে কেইবাবাৰো স্থানীয় বিধায়ক কৃপানাথ মাল্লাহক এই বিষয়ে অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে বিধায়ক মাল্লাহৰ বিৰুদ্ধে ৷ যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰি সমাগত বাৰিষাৰ আগেয়ে অঞ্চলটোৰ দীৰ্ঘদিনিয়া সমস্যাটো সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷