অসম

assam

ETV Bharat / state

কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা

কৰিমগঞ্জত উপস্থিত হৈ ভাৰত-বাংলাদেশ সীমান্ত সমস্যাৰ বুজ ল'লে সঞ্জয় কৃষ্ণাই

By

Published : Jun 20, 2019, 7:55 AM IST

কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা

কৰিমগঞ্জ,20 জুনঃ ভাৰত-বাংলাদেশ সীমান্ত সমস্যাৰ বুজ লবলৈ আজি কৰিমগঞ্জত উপস্থিত হয় ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা ৷ তেওঁৰ লগতে উপস্থিত থাকে স্পেচিয়াল ডিজিপি (সীমান্ত শাখা) ভাষ্কৰজ্যোতি মহন্তৰ লগতে আন বিষয়ববীয়া সকল ৷ । প্ৰথমে তেওঁলোকে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰ জিৰ' পইন্টত উপস্থিত হৈ বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সৈতে শুভেচ্ছা বিনিময় কৰে । পৰৱৰ্তী সময়ত সুতাৰকান্দি ট্ৰেইড চেন্টাৰত বিএছএফৰ সৈতে গোপন বৈঠকত মিলিত হৈ বিভিন্ন সীমান্ত সমস্যাৰ কথা আলোচনা কৰে সঞ্জয় কৃষ্ণাৰ লগতে আন আন বিষয়ববীয়া সকলে ৷ জানিব পৰা মতে, বি এছ এফৰ ফালৰ পৰা ডাঙি ধৰা হয় বিভিন্ন সীমা সম্বন্ধীয় সমস্যা । আলোচনাত অধিক প্ৰাধান্য পায় সীমান্তত ফ্লাড লাইটৰ ব্যৱস্থাৰ কথা ৷ 2015 চনতেই সীমান্তত বৈদ্যুতিক ফ্লাড লাইট ব্যবস্থাৰ বাৱে APDCL কোম্পানীক 32 কোটি টকা জমা দিয়া হৈছিল যদিও আজিলৈকে সীমান্তত ফ্লাড লাইটৰ ব্যৱস্থা সম্পূৰ্ণ কৰিব পৰা নাই APDCLয়ে ।

কৰিমগঞ্জত উপস্থিত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা

ABOUT THE AUTHOR

...view details