কৰিমগঞ্জ, 28 জুন : বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিলে চুবুৰীয়া দেশখনত ভ্ৰমণৰত অসমৰ 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল। এক্ট ইষ্ট পলিচীক সাৰ্থক কৰি তোলাৰ উদ্দেশ্যে যোৱা বুধবাৰে সম্পৰ্ক যাত্ৰাত গৈছিল দলটো ৷ শিলচৰত চেম্বাৰ অৱ কমাৰ্চৰ সৈতে মিলিত হৈ দলটো কাইলৈ ম্যানমাৰৰলৈ যাত্ৰা কৰিব। অসমত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাংলাদেশত সেই দেশৰ চৰকাৰৰ শ্বিপিং, কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী বিভাগ,চেম্বাৰ অৱ কমাৰ্চৰ সৈতে বিতং আলোচনা হৈছে বুলি উল্লেখ কৰে।
বাংলাদেশ ভ্ৰমণ সামৰি ঘূৰিল 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল
এক্ট ইষ্ট পলিচীক সাৰ্থক কৰি তোলাৰ উদ্দেশ্যে যোৱা বুধবাৰে সম্পৰ্ক যাত্ৰাত গৈছিল দলটো ৷ কৰিমগঞ্জত দুয়ো দেশৰ জয়েন্ট হাটৰ সম্পৰ্কে আলোচনা কৰা হয় বাংলাদেশৰ সৈতে হোৱা বৈঠকত
বাংলাদেশ ভ্ৰমণ সামৰি ঘূৰিল 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল
জুলাইৰ পৰা গুৱাহাটী-ঢাকা,ঢাকা-গুৱাহাটী বিমান সেৱা, কৰিমগঞ্জত দুয়ো দেশৰ জয়েন্ট হাটৰ সম্পৰ্কে আলোচনা কৰা হয় বাংলাদেশৰ সৈতে হোৱা বৈঠকত ৷ বৃটিছ আমোলত থকা ছিলেট-কৰিমগঞ্জ-মাকুম আৰু চিটাগাঙ-লিডু ৰে’ল চলাচলো পুনৰ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । আনহাতে, 20 জুলাইত বাংলাদেশৰ মন্ত্ৰী আৰু ব্যৱসায়ীয়ে গুৱাহাটী ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷