অসম

assam

By

Published : Jun 24, 2021, 11:56 AM IST

ETV Bharat / state

চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰীৰ

মাত্ৰ ৫৮ ছেকেণ্ডত গণেশৰ ছবি অংকণ কৰি ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছ (International Book Of Records)ত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ডিফুস্থিত আৰক্ষী ছাউনীৰ নিবাসী প্ৰিয়ংকা শইকীয়াই ৷ যোৱা ২২ এপ্ৰিলত গণেশৰ ছবি অংকণ কৰা সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিঙ ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছ (International Book Of Records)লৈ প্ৰেৰণ কৰিছিল প্ৰিয়ংকা শইকীয়াই ৷

World record diphu's daughter Priyanka Saikia painting Ganesh's picture in rice
চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰী প্ৰিয়ংকা শইকীয়াৰ

ডিফু,24 জুন: পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফু আৰক্ষী চাউনীস্থিত প্ৰিয়ংকা শইকীয়া নামৰ ছাত্ৰী গৰাকীয়ে অসাধ্যকো সাধ্য কৰি এটি ক্ষুদ্ৰ চাউলত অংকণ কৰি উলিয়াইছে ভগৱান শ্ৰীগণেশৰ ছবি ৷ এনে কৃতিত্বৰ বাবে ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছত প্ৰিয়ঙ্কা শইকীয়াৰ নাম সন্নিবিষ্ট কৰিছে ৷ ইতিমধ্যে প্ৰিয়ংকাৰ এনে বিৰল কৃতিত্বৰ বাবে ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছ (International Book Of Records) কৰ্তৃপক্ষৰ পৰা ডাক যোগে পঠিয়াইছে এক প্ৰমাণ পত্ৰ ৷

চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰী প্ৰিয়ংকা শইকীয়াৰ

বিশ্বব্যাপি কৰণা মহামাৰীৰ প্ৰকোপ অব্যাহত থকাৰ মাজতে প্ৰিয়ংকা শইকীয়াই ডিফুস্থিত আৰক্ষী ছাউনীৰ নিজা বাসগৃহতেই ০'০ আকাৰৰ বেজীৰে ০'২ মি:মি:ব্যাসাৰ্দ্ধ আৰু ০'৮ মি:মি:দৈঘৰ এটি ক্ষুদ্ৰ চাউলৰ বুকুত অংকিত কৰিছিল ভগৱান শ্ৰী গণেশৰ ছবি ৷ যোৱা ২২ এপ্ৰিলত মাত্ৰ ৫৮ ছেকেণ্ডত গণেশৰ ছবি অংকণ কৰা সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিঙটো ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছ (International Book Of Records) কৰ্তৃপক্ষলৈ প্ৰিয়ংকাই প্ৰেৰণ কৰি ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷

ইফালে ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছ (International Book Of Records) কৰ্তৃপক্ষই যোৱা ১৮ জুনত ডাকযোগে পঠোৱা বিশ্ব অভিলেখৰ (world Book Of Records Certificate) প্ৰমাণ পত্ৰখন ১৮ জুনত প্ৰিয়ংকাৰ হাতত পৰে ৷ উক্ত প্ৰমান পত্ৰখন হাতত পাই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে প্ৰিয়ংকা শইকীয়া ৷

চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰীৰ

প্ৰিয়ংকা শইকীয়াই ডিফু শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ডিফু ৰেণু তেৰণপী জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ইয়াৰ পিছত ক্ষেত্ৰীৰ ডিমৰীয়া কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ অসম বিশ্ব বিদ্যালয়ৰ ডিফু চৌহদৰ পৰা নৃ-বিদ্যা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

প্ৰিয়ংকা শইকীয়াই কয় যে, আনৰ অভিলেখ ভংগ কৰাতকৈ নিজে কিবা নতুন সৃষ্টি কৰিব পাৰি নেকি তাৰে এক চিন্তা মনলৈ অহাত তাক বাস্তৱত চেষ্টা কৰি ক্ষুদ্ৰ চাউলত গণেশৰ দৰে ছবি অংকণ কৰিবলৈ তেওঁ সক্ষম হৈছে ৷ প্ৰিয়ংকা শইকীয়াৰ ছবি অংকণৰ ওপৰিও বিভিন্ন নৃত্য, নাটক চাই ভাল পাও বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰিয়ংকা শইকীয়াই ৷

ডিফু আৰক্ষী ছাউনিৰ নিৱসী প্ৰয়াত পদ্মকান্ত শইকীয়া আৰু ৰুমী দেৱীৰ কন্যা প্ৰিয়ংকা শইকীয়াৰ এনে সৃষ্টিশীল চিন্তাৰ বাবে এতিয়া হৈ পৰিছে সকলোৰে প্ৰশংসাৰ পাত্ৰ ৷

লগতে পঢ়ক-কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ কলগাছিয়াৰ কৃষক

ABOUT THE AUTHOR

...view details