অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱসৰ পূৰ্বে ডিফুত নিচ্ছিদ্ৰ তালাচী কাৰ্বি আংলং আৰক্ষীৰ

স্বাধীনতা দিৱসৰ পূৰ্বে ডিফু নিচ্ছিদ্ৰ তালাচী কাৰবি আংলং আৰক্ষীৰ ৷ কূটাঘাতমূলক কাৰ্য ৰোধ কৰিবলৈ সষ্টম হৈ আছে কাৰ্বি আংলং আৰক্ষী, ডিএছপি নাহিদ কৰিশ্মা ৷

By

Published : Aug 13, 2020, 1:29 AM IST

স্বাধীনতা দিৱসৰ পূৰ্বে ডিফুত নিচ্ছিদ্ৰ তালাচী কাৰ্বি আংলং আৰক্ষীৰ
স্বাধীনতা দিৱসৰ পূৰ্বে ডিফুত নিচ্ছিদ্ৰ তালাচী কাৰ্বি আংলং আৰক্ষীৰ

ডিফু, 13 আগষ্ট :উত্তৰ-পূৱৰ 6টাকৈ উগ্ৰপন্থী সংগঠনে সমাগত স্বাধীনতা দিৱসৰ দিনা আহ্বান জনোৱা 11ঘণ্টীয়া বন্ধক লৈ সষ্টম হৈ পৰিছে আৰক্ষী ৷ ইয়াৰ মাজতে গৌৰৱোজ্জল 74সংখ্যক স্বাধীনতা দিৱসটি সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা জিলা কাৰ্বি আংলঙতো জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ৷

ডিফুত নিচ্ছিদ্ৰ তালাচী কাৰ্বি আংলং আৰক্ষীৰ

এইলৈ জিলাখনৰ সীমামূৰীয়া এলেকাৰ পৰা আৰম্ভ কৰি স্পৰ্শকাতৰ এলেকা সমূহত জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক(মুখ্য) নাহিদ কৰিশ্মাই জানিবলৈ দিছে ৷

বাহনৰ পৰীক্ষাৰ সময়ত কাৰ্বি আংলং আৰক্ষী

বুধবাৰে জিলাৰ সদৰ চহৰ ডিফুত এক নাকা তালাচীত নেতৃত্ব দিয়া আৰক্ষী উপাধ্যক্ষগৰাকীয়ে কয় যে, জিলাখনৰ বিভিন্ন থানা এলেকাৰ নিৰ্দিষ্ট স্থান সমূহত নাকা তালাচী চলাই থকা হৈছে ৷ তালাচী কালত বিভিন্ন যান-বাহন সমূহ ৰখাই বেগ,গাড়ীৰ ডিকি,বাকচ আদি তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ৷

কূটাঘাতমূলক কাৰ্য ৰোধ কৰিবলৈ সষ্টম হৈ আছে কাৰ্বি আংলং আৰক্ষী, ডিএছপি নাহিদ কৰিশ্মা

ইয়াৰোপৰি যান-বাহন সমূহৰ লগতে চালকসকলৰ নথি-পত্ৰত ক্ৰুটি পালে Non FIR বা জৰিমনা বিহা হৈছে ৷ আনহাতে 74সংখ্যক স্বাধীনতা দিৱস উদযাপন হ'বলগীয়া পেৰেড গ্ৰাউণ্ডত 24ঘণ্টাই নিৰাপত্তাৰক্ষী নিয়োজিত কৰি ৰখা হৈছে, ইয়াৰ বাবে পেৰেড গ্ৰাউণ্ডত এজন আৰক্ষীৰ(ইউবি)উপ পৰিদৰ্শক,এজন হাবিলদাৰ,৫ জন হ'মগাৰ্ড আৰু জিলা বিশেষ শাখাৰ 5জন আৰক্ষী মোতায়ন কৰা হৈছে বুলি জনাইছে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷

ডিফুত নিচ্ছিদ্ৰ তালাচী কাৰ্বি আংলং আৰক্ষীৰ

ইফালে জিলাখনৰ হাওৰাঘাট,বোকাজান,বকলিয়াঘাট,ডকমকা,ডিলাই,মাঞ্জা আৰু বৰলাংফেৰতো আৰক্ষীৰ তালাচী তীব্ৰতৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃপিপিই কীট পৰিহিত লোককলৈ মাছখোৱাত আতংক

ABOUT THE AUTHOR

...view details