অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত চোৰাং কাঠৰ সৰবৰাহ অব্য়াহত থকাৰ অভিযোগ

একাংশ দুষ্টচক্ৰই কাৰ্বি আংলঙত অব্য়াহত ৰাখিছে চোৰাং কাঠৰ সৰবৰাহ । শনিবাৰে হাওৰাঘাটৰ সমীপৰ যমুনা নৈৰ বুকুৰে গােপনে সৰবৰাহ কৰি থকা অৱস্থাত শতাধিক কাঠৰ বাটাম উদ্ধাৰ কৰা হয় । হাওৰাঘাট আছুৰ সহযোগত বন বিভাগে জব্দ কৰে কাঠখিনি ।

কাৰ্বি আংলঙত অব্য়াহত চোৰাং কাঠৰ সৰবৰাহ
কাৰ্বি আংলঙত অব্য়াহত চোৰাং কাঠৰ সৰবৰাহ

By

Published : Dec 26, 2020, 10:08 PM IST

ডিফু, ২৬ ডিচেম্বৰ :ৰাজ্য়ত অব্য়াহত আছে চোৰাং কাঠৰ সৰবৰাহ । কাৰ্বি আংলঙৰ বনাঞ্চল ধ্বংস অব্য়াহত ৰাখিছে একাংশ দুষ্ট চক্ৰই । কিন্তু এই দুষ্ট চক্ৰৰ বিৰুদ্ধে আছুৰ এক আদৰণীয় পদক্ষেপ । হাওৰাঘাট আঞ্চলিক ছাত্র সন্থাৰ তৎপৰতাত শনিবাৰে হাওৰাঘাটৰ সমীপৰ যমুনা নৈৰ বুকুৰে গােপনে সৰবৰাহ কৰি থকা অৱস্থাত বকলীয়াঘাটত শতাধিক কাঠৰ বাটাম উদ্ধাৰ কৰা হয় ।

কাৰ্বি আংলঙত চোৰাং কাঠৰ সৰবৰাহ অব্য়াহত থকাৰ অভিযোগ

উল্লেখ যে, হাওৰাঘাট নগৰৰ পৰা প্রায় দহ কিঃ মিঃ নিলগৰ যমুনা গাঁৱৰ কাষেৰে বৈ যােৱা যমুনা নৈৰ বুকুৰে কোনাে চোৰাং কাঠ সৰবৰাহকাৰী চক্রই কাঠ সৰবৰাহ কৰি থকা স্থানীয় ৰাইজে প্রত্যক্ষ কৰে । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত হাওৰাঘাট আঞ্চলিক ছাত্র সন্থাৰ এটি দলে ঘটনাস্থলীত উপস্থিত হয় । পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বন বিভাগে উক্ত স্থানত উপস্থিত হৈ চোৰাং কাঠসমূহ জব্দ কৰে ।

জব্দ কৰা কাঠখিনিত প্ৰায় ১৩০ ডাল মূল্যবান কাঠৰ বাটাম আছিল । অভিযোগ অনুসৰি, প্ৰায়ে তেনেদৰে একাংশ দুষ্ট চক্ৰই যমুনা নৈৰ বুকুৰে চোৰাং কাঠৰ সৰবৰাহ কৰি আহিছে, কিন্তু বন বিভাগে এই কথা জানিও কোনো উল্লেখনীয় ভুমিকা লোৱা নাই বিগত সময়চোৱাত । সেয়ে বন বিভাগক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।

লগতে পঢ়ক :অমিত শ্বাহৰ জনসভাত কোভিড প্ৰট’কল ভংগ !

ABOUT THE AUTHOR

...view details