অসম

assam

ETV Bharat / state

Congress Meeting Diphu: ডিফুত আপ-বিজেপি এৰি কংগ্ৰেছত যোগদান শতাধিকৰ

ডিফুত কংগ্ৰেছৰ ৬৩৬ টা বুথ সমিতিৰ বিশাল সভা ৷ মুখ্যমন্ত্ৰী আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ ৷ বিভিন্ন ৰাজনৈতিক দলৰ দুই শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছত ৷

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:43 PM IST

Congress Meeting Diphu
ডিফুত কংগ্ৰেছৰ ৬৩৬ টা বুথ সমিতিৰ বিশাল সভা

ডিফুত কংগ্ৰেছৰ ৬৩৬ টা বুথ সমিতিৰ বিশাল সভা

ডিফু, ৩ নৱেম্বৰ : কাৰ্বি আংলং জিলা কংগ্ৰেছে আয়োজন কৰা ৬৩৬ খন বুথ সমিতিৰ সভাত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, মীৰা বৰঠাকুৰ, অপূৰ্ব ভট্টাচাৰ্য, প্ৰবীণ বড়ো, জয়ৰাম ইংলেং, শংকৰ প্ৰসাদ ৰায়, ৰৌজলিনা তিৰ্কি, বীৰেণ ছিং ইংতি, চুম ৰংহাং প্ৰমুখ্যে কেবাগৰাকীও নেতাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসম গণ পৰিষদ দলটো নামতহে আছে, তেওঁলোকে জাৰ্চী পিন্ধে BJP ৰ ৷ নৱেম্বৰৰ ভিতৰত বিজেপিৰ বহু নেতাই ডিফুত কংগ্ৰেছত যোগদান কৰিব বুলি ঘোষণা কৰি বৰাই কয় যে ১৫ টা জাতীয় সংগঠনে ডিফুত কংগ্ৰেছৰ লগত আলোচনাত বহিব ৷

ভূপেন বৰাই লগতে কয় যে এইবিলাক কথাই প্ৰমাণ কৰে যে ২০২৪ চনত পাহাৰৰ জনতা কংগ্ৰেছৰ লগত থাকিব ৷ ‘‘মই যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ ডিফুলৈ আহিছিলোঁ, তেতিয়া ৫ খন বাইকেৰে যুৱ কংগ্ৰেছে আদৰিছিল ৷ তেওঁলোকে কৈছিল, ছাৰ বিজেপিৰ বাবে যুৱকসকল আহিবলৈ ভয় কৰে ৷ কিন্তু আজি ৪০০ বাইকেৰে মানজাৰ পৰা মোক তেওঁলোকে আদৰি আনিছে ৷ লোকসভা নিৰ্বাচনলৈ এতিয়াও ১০০ দিন বাকী, সেয়ে আশা কৰোঁ তেতিয়া ৪ হাজাৰ বাইকেৰে যুৱ কংগ্ৰেছে ৰেলী উলিয়াব ৷’’ এইদৰে কয় ভূপেন বৰাই ৷

বিজেপি চৰকাৰে সাধাৰণ জনতাক পেটে-ভাতে খাই চলি থাকিবলৈও নিদিয়া হৈছে বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ সাংবাদিকে আজমলৰ সন্দৰ্ভত কৰা প্ৰশ্নত উত্তেজিত হৈ পৰা ভূপেন বৰাই কয়, ‘‘আজমল আপোনালোকৰ বাবে ইম্প’ৰটেণ্ট হ’ব পাৰে, কংগ্ৰেছৰ বাবে নহয় ৷ আমাৰ বাবে অসমৰ ৰাইজহে মুখ্য, আজমল নহয় ৷’’

নিজৰ ভাষণত ভূপেন বৰাই কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে ২০০ ইউনিটকৈ বিদ্যুৎ জনতাক বিনামূলীয়াকৈ দিব ৷ মহিলাসকলক মাহে ২৫০০ টকা আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ ৫০০ টকাত দিব ৷ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কঠোৰ সমালোচনা কৰে ৷ তেওঁ কয়, ‘‘কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাটি লোৱাৰ কথা যে ওলাইছে, সেয়া দিয়া-লোৱাৰ খেল ৷ বাগানে বাগানে যাওঁতে এগৰাকী শ্ৰমিকে হাতত এখন কাগজ লৈ আহি কৈছিল মই সাত-আঠ ঘন্টা কাম কৰি টকা পাওঁ ২৫ শ ৷ এতিয়া কাৰেণ্টৰ বিল আহিছে ৩ হাজাৰ টকা ৷ দিশহাৰা হৈ পৰা মানুহজনে ক’লে কংগ্ৰেছ ঘূৰি আহক শাসনলৈ ৷’’

হুছেইনে কয়, ‘‘তিনিমাহ মানৰ পৰা ভূপেন বৰাৰ মুখখন উজ্জ্বল দেখিছে ৰাইজে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ মুখখন সোমবাৰেও দেওবাৰ যেন দেখে ৷ কাৰণ তেওঁ জানিছে তেওঁৰ দিন চমু চাপি আহিছে ৷’’ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে নিজৰ ভাষণত বিজেপি চৰকাৰে কিদৰে জনতাক টেঁটুচেপা দিছে তাৰ বৰ্ণনা কৰি সমালোচনা কৰে ৷ তেওঁ কয়, ‘‘বিজেপি চৰকাৰে বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলিছে ৷ ইয়াতকৈ আৰু জাতিধ্বংসী কি কাম থাকিব পাৰে !’’

আনহাতে অপূৰ্ব ভট্টাচাৰ্যৰ অগ্নিবৰ্ষা ভাষণক জনতাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই সমৰ্থন কৰে ৷ উল্লেখ্য যে, আজিৰ এই সভাতে ধনশিৰি পৰিষদীয় সমষ্টিৰ ১৫২ জন বিজেপিৰ নেতা-কৰ্মী; মহামায়াৰ ৫১ গৰাকী, ছচেংধেন্টাৰ ৪১ গৰাকী, লুম্বাজঙৰ ২৩ গৰাকী, বোকাজানৰ ৭ গৰাকী আৰু নমাটিৰ ২ গৰাকী লোকে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে ৷ আনহাতে নিলীপৰ আম আদমি পাৰ্টীৰ ২১ গৰাকী নেতা-কৰ্মীয়ে আজি কংগ্ৰেছত যোগদান কৰে ৷

লগতে পঢ়ক:Assam TMC President Ripun Bora : চি বি আই-ইডিক ব্যৱহাৰ বিৰোধী দলক নিয়ন্ত্ৰণ কৰাত ! বিৰোধী ঐক্যমঞ্চৰ অভিযোগ

ABOUT THE AUTHOR

...view details