ডিফু, ১ ফেব্ৰুৱাৰী:ৰাজ্য়জুৰি অব্য়াহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam)। এই অভিযানৰ অংশৰূপে কাৰ্বি আংলং জিলাত বুধবাৰে পুৱাৰ ভাগত অবৈধ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ আজি এক গোপন সূত্ৰৰ ভিত্তিত ডিফু আৰু লাহৰিজানৰ দুটা পৃথক স্থানত আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযানত চলায় । এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ হেৰ'ইন (Drugs seized in Karbi Anglong) ৷ পুৱাৰ ভাগত উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে'ল যোগে দুজন লোকে ড্ৰাগছ সৰবৰাহৰ গোপন খবৰ লাভ কৰি আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযানত চলায়ই সাফল্য় লাভ কৰে ।
জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ২০ বিএন চি আৰপিএফ ডিফু থানাৰ আৰক্ষীৰ সহযোগত ডিফু ৰে'ল ষ্টেচনত হেৰ'ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs seized in Diphu Railway Station) ৷ হেৰইনখিনিৰ ওজন ১ কেজি ৩৬ গ্ৰাম । এই হেৰ'ইনখিনি ৰাজস্থানৰ পৰা ৰে'লযোগে ডিফুলৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত লোক দুজন হৈছে ৰাজস্থানৰ চন্দ্ৰ শেখৰ সেন (৪৫) আৰু ধিৰাজ চলাংকি(৩০)।