ডিফু, 9 জুলাইঃঅসম-নগালেণ্ডৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ডিলাই আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই ১৬ মাইলত এখন অ'টোৰ পৰা জব্দ কৰে প্ৰায় 64 কিলোগ্ৰাম গাঞ্জা ৷ NL-07 AF-7761 নম্বৰৰ অ'টো খনৰ পৰা আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে তিনি মহিলাসহ এজন পুৰুষক আটক কৰিবলৈয়ো সক্ষম হয় ৷
আৰক্ষীৰ লোকে জানিবলৈ দিয়া অনুসৰি, লোক কেইজন সেই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি লৈ ডিমাপুৰৰ পৰা লংকা অভিমুখে গৈ আছিল ৷ আটকাধীনলোক কেইজন ক্ৰমে গীতা দেৱী, অনিতা ৰায়, মুনমি মাহাতো আৰু ৰবীন্দ্ৰ দাস বুলি জানিব পৰা গৈছে ৷ জব্দীকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক হ'ব বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ ডিলাই আৰক্ষীয়ে সম্প্ৰতি ২১/২০২০ এক গোচৰ পঞ্জীয়ন কৰি আটকাধীন লোককেইজনক জেৰা অব্যাহত ৰাখিছে ৷