অসম

assam

ডিফুত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Mar 12, 2021, 8:18 PM IST

ডিফু নিকটৱৰ্তী মাটিপুং গেছ গুদামৰ এক জনবহুল এলেকাত শুকুৰবাৰে বিয়লি ভাগত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত তিনিটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ৷

ডিফুত বিধ্বংসী অগ্নিকাণ্ড
ডিফুত বিধ্বংসী অগ্নিকাণ্ড

ডিফু, ১২ মাৰ্চ: শুকুৰবাৰে বিয়লি ভাগত ডিফুত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ ডিফু নিকটৱৰ্তী মাটিপুং গেছ গুদামৰ এক জনবহুল এলেকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত তিনিটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ৷ এই ভয়াবহ অগ্নিকাণ্ডত তিনিটাকৈ চিলিণ্ডাৰ বিষ্ফোৰিত হয় ৷ যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

ডিফুত বিধ্বংসী অগ্নিকাণ্ড

এই অগ্নিকাণ্ডত প্ৰাণ সিনহা, ৰূপছিং হাঞ্চে আৰু বাপন সুত্ৰধৰৰ ঘৰ জ্বলাৰ লগতে ভাড়াতীয়া অনিল ছাহা আৰু উমেশ দাসৰ ভাড়া ঘৰো জ্বলি ভষ্মীভূত হয় ৷ বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷

উল্লেখ্য যে, এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় ৷ ইফালে অগ্নি নিৰ্বাপন কৰিবলৈ দুখনকৈ অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও যাতায়ত ব্যৱস্থা সুচল নোহোৱাত জুই নিৰ্বাপন কৰিব অসমৰ্থ হয় ৷ উপায়হীন হৈ অগ্নি নিৰ্বাপন বাহিনীয়ে মটৰ খুলি দাঙি নি কুঁৱাত স্থাপন কৰি জুই নুমোৱাৰ চেষ্টা চলায় ৷ লগতে ডিফু আৰক্ষীয়েও জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷ ইফালে স্থানীয় ৱাৰ্ড কমিচনাৰ দিগন্ত গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক:নলবাৰীত সজাগতামূলক কাৰ্যসূচী জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details