অসম

assam

By

Published : Mar 4, 2021, 9:39 AM IST

ETV Bharat / state

ডিএলএছএ ৰ উদ্যোগত ডিফুত সজাগতা কাৰ্যসূচী

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা কাৰ্যসূচী ৷ জিলা আইন সেৱা প্ৰাধিকৰণে জন সাধাৰণক ডিএলএছএ-ৰ বিনামূলীয়া আইনী সাহায্য আৰু ইয়াৰ অন্যান্য সুবিধা সন্দৰ্ভত অৱগত কৰোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

dlsa distribute leaflets to common people for free legal aids
dlsa distribute leaflets to common people for free legal aids

ডিফু,4 মাৰ্চ:জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছএ-য়ে ডিফু চহৰৰ লগতে সমগ্ৰ জিলাখনত এক জন সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

ডিএলএছএ ৰ উদ্যোগত সজাগতা কাৰ্যসূচী

এই জন সচেতনতামূলক কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে চহৰখনৰ বাছ আস্থান আৰু দৈনিক বজাৰত ডিএলএছএ য়ে 'আইন সকলোৰে বাবে' শীৰ্ষক সজাগতা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷ এই প্ৰচাৰ পত্ৰিকা বিতৰণৰ জৰিয়তে সাধাৰণ ৰাইজৰ বাবে ডিএলএছএ-ৰ বিনামূলীয়া আইনী সাহায্য আৰু ইয়াৰ অন্যান্য সুবিধা সন্দৰ্ভত অৱগত কৰা হয় ৷

বাছ আস্থান আৰু দৈনিক বজাৰত পত্ৰিকা বিতৰণ

লগতে পঢ়ক:ডিফু ৰেল ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details