ডিফু, ১৭ নবেম্বৰ: কার্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নগা দুষ্কৃতিকাৰীৰ বেদখলক কেন্দ্র কৰি জিলাখনত উত্তেজনা অব্যাহত আছে। কার্বি ছাত্র সংস্থাকে ধৰি এঘাৰটা ছাত্র সংগঠনে মংগলবাৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্রেছ দলে আজি কার্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী আৰু কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ এখন স্মাৰকপত্র প্রেৰণ কৰি সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পর্কে শীঘ্রে পদক্ষেপ গ্রহণ কৰি অসমৰ ভূমি সুৰক্ষিত কৰাৰ আহ্বান জনাই ।
কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি খৰছিং ইংতিৰ নেতৃত্বত এটা সঁজাতি দলে প্রেৰণ কৰে এই স্মাৰকপত্রখন । ইয়াৰ পিছতে জিলা কংগ্রেছৰ কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰে জিলা কংগ্রেছৰ উপ-সভাপতি ৰতন ইংতিয়ে। এই সংবাদমেলত পশ্চিম কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি চার্থে ক্রামছা,কার্বি আংলং জিলা কংগ্রেছৰ উপ-সভাপতি ৰাতুল টেৰণ,কার্বি আংলং জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক ডাঃ মংৱে ৰংপি উপস্থিত থাকে। সংবাদমেলত অসম-নাগালেণ্ড সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি অধ্যয়নৰ বাবে জিলা কংগ্রেছে এটা 13 জনীয়া দল গঠন কৰে । এই দলে সীমান্ত অঞ্চল ভ্রমণ কৰি পোৱা তথ্যৰ সম্পর্কে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু অসম চৰকাৰক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবে সীমান্তত আজি এই পৰিস্থিতিৰ উদ্ভৱ হয় বুলি সংবাদমেলত প্ৰকাশ কৰে দলটোৱে ।
অন্য এক খবৰৰ বাবে: দালাই লামাক ভাৰত ৰত্ন দিয়াৰ দাবী তিব্বত মুক্তি আন্দোলনৰ নেতাৰ
জিলা কংগ্রছে দাবী কৰে যে,বেদখল হোৱা অঞ্চল সম্পূর্ণ সংৰক্ষিত বনাঞ্চল আৰু ১৯৫১ চনৰ ভিত্তিত এই সীমা নির্ধাৰিত থাকিব লাগে। আনহাতে,সীমান্ত ৰক্ষাৰ স্বার্থত যি দলেই প্রতিবাদী কার্যসূচী গ্রহণ নকৰক কিয় কংগ্রেছ দলে তাত সহযোগ কৰিব বুলিও সংবাদমেলত স্পষ্ট কৰে দলটোৱে ।