অসম

assam

ETV Bharat / state

জ'না তেৰাঙৰ অভিযোগক খণ্ডন জে আই কাথাৰৰ

মঙলবাৰে ডিফুত সংবাদমেল সম্বোধন কৰি জ'না তেৰাঙৰ অভিযোগক নস্যাৎ কৰে এপি এইছ এলচিৰ সভাপতি জে আই কাথাৰে ৷ সংবাদমেলযোগে জ'না তেৰাঙক পলায়নকাৰী আখ্যা দিয়ে সভাপতি জে আই কাথাৰে ৷

জে আই কাথাৰৰ সংবাদমেল

By

Published : Nov 13, 2019, 1:42 PM IST

ডিফু,13 নৱেম্বৰঃজে আই কথাৰে দলৰ সৈতে সমন্বয় ৰক্ষা কৰি নচলে ! সোমবাৰে ডিফুত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ এপি এইছ এলচিৰ সাধাৰণ সম্পাদক জ'না তেৰাঙৰ ৷

জে আই কাথাৰৰ সংবাদমেল

পাহাৰৰ ৰাজনীতিত নতুনকৈ ভুমুকি মৰা আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্ছ কনফাৰেঞ্চ চমুকৈ এপিএইছএলচি ৷ সোমবাৰে দলটোৰ ভিতৰচোৱাত চলিছে তীব্ৰ বিসম্বাদ ৷ সোমবাৰে সাধাৰণ সম্পাদক জ'না তেৰাঙৰ অভিযোগ নস্যাৎ কৰি মঙলবাৰে ডিফু প্ৰেছ ক্লাৱত সমগ্ৰ বিষয়টোক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে দলটোৰ সভাপতি জে আই কাথাৰে ৷ সংবাদমেলযোগে জ'না তেৰাঙক পলায়নকাৰী আখ্যা দিয়ে সভাপতি জে আই কাথাৰে ৷ দলটোৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা বিৰোধী নেতাসকলে দলটোৰ একাংশ সদস্যক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি অহা বুলিও সংবাদমেল যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰে জে আই কাথাৰে ৷

লগতে পঢ়কঃ অযোধ্যাৰ ৰায়দানক ব্যতিক্ৰমী প্ৰশংসা এজন শিল্পীৰ

ABOUT THE AUTHOR

...view details