অসম

assam

By

Published : Dec 30, 2019, 4:48 PM IST

ETV Bharat / state

ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

1954 চনতেই কৰিমগঞ্জৰ পৰা আহি অঞ্চলটোত বাস কৰিবলৈ লৈছিল বিদ্যুৎ চন্দ্ৰ ৰায় নামৰ লোকজনে ৷ ৰায়ৰ সোমবাৰে পুৱা 86বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মাত্ৰ দুটা হিন্দু পৰিয়াল থকা অঞ্চলটোৰ বাকী মুছলমান ৰাইজে ৰায়ক অন্তিম বিদায় দিয়াৰ বাবে ওলাই আহে ৷

Unity among two religion people at Rangiya
ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

ৰঙিয়া, 30 ডিচেম্বৰঃ যি সময়ত এচামে ধৰ্মক ৰাজনীতিৰ আহিলা হিচাপে লৈ সমাজত অশান্তি বিয়পোৱাৰ যড়যন্ত্ৰ কৰি আছে, তেনে সময়তেই ৰঙিয়াৰ কাউৰবাহাত দেখা গ’ল সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন ৷ সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে এজন লোকৰ শেষকৃত্য সমাপন কৰে অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৷

ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

উল্লেখ্য যে, 1954 চনতেই কৰিমগঞ্জৰ পৰা আহি অঞ্চলটোত বাস কৰিবলৈ লৈছিল বিদ্যুৎ চন্দ্ৰ ৰায় নামৰ লোকজনে ৷ অঞ্চলটোৰ এজন অতি সৰবৰাহী লোক হিচাপে পৰিচিত ৰায়ৰ সোমবাৰে পুৱা 86বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মাত্ৰ দুটা হিন্দু পৰিয়াল থকা অঞ্চলটোৰ বাকী মুছলমান ৰাইজে ৰায়ক অন্তিম বিদায় দিয়াৰ বাবে ওলাই আহে ৷ আনহাতে, ৰায়ৰ মৃত্যুৰ উপলক্ষে সোমবাৰে কাউৰবাহা চ’কৰ দোকান পোহাৰ বন্ধ থাকে ৷

লগতে পঢ়ক-হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম

ABOUT THE AUTHOR

...view details