ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি
শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে । লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।
উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ
শনিবাৰে পুৱা 11 বজাত ভাৰতৰ 48 তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তত্বাৱধানত জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে শপত গ্ৰহণ কৰে ৷ 26 আগষ্ট 2022 বৰ্ষত ন্যায়াধীশ ভেংকটৰমণে অৱসৰ গ্ৰহণ কৰিব ৷
ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি
ৰাজ্যৰ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নীতি নিয়ম জাৰি কৰাৰ পিছতেই নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে । এই সন্দৰ্ভত নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।
অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাই আৰু নাগপুৰৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান
২৫ মাৰ্চত পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে চিবিআই তদন্ত বিচাৰি অপৰাধমূলক ৰাজহুৱা স্বাৰ্থৰ এক গোচৰ ৰুজু কৰিছিল য'ত তেওঁ দাবী কৰিছিল যে নিলম্বিত আৰক্ষী শচীন ৱেজকে ধৰি আৰক্ষী বিষয়াসকলক বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা ১০০ কোটি টকা জব্দ কৰিবলৈ কৈছিল দেশমুখে ।
কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন
ডিমা হাছাওত প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত সজাগতা সভা ৷ জিলা উপায়ুক্ত পল বৰুৱাই হাফলঙৰ সাধাৰণ লোকৰ মাজত কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷