অসম

assam

ছয়গাঁৱত চোৰাং গৰু সহ তিনিজন লোকক আটক

পুনৰ গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান ৷ বুধবাৰে পুৱতি নিশাও চলিল আৰক্ষীৰ অভিযান । অভিযানত জব্দ কেইবাটাও চোৰাং গৰু ।

By

Published : Aug 28, 2021, 10:47 AM IST

Published : Aug 28, 2021, 10:47 AM IST

cattle seize
ছয়গাঁৱত চোৰাং গৰু সহ তিনিজন লোকক আটক

ছয়গাঁও, ২৮ আগষ্ট : অসমত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে । একাংশই প্ৰতিদিনে অসমৰ মাজেৰে মেঘালয় তথা বাংলাদেশলৈ গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে । ক'ভিড (Covid) পৰিস্থিতি লগতে সান্ধ্য আইনৰ মাজতো এই কাৰ্য অব্যাহত ৰাখিছে দুষ্টচক্ৰই ।

দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও আদি অঞ্চলৰ পৰাও বহু সময়ত মেঘালয় তথা বহিঃৰাজ্যলৈ গৰু চালান দিয়া হয় । যাৰ বাবে আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাই চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে । যোৱা বুধবাৰেও পুৱতি নিশা ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই ১০ টা চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় । লোক কেইজন ক্ৰমে চাম্পুপাৰা পথাৰৰ ৰফিকুল মিঞা, ভলুকাবাৰীৰ মহিদুল ইছলাম আৰু বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়াৰ দেৱৰাজ দাস ৷

জানিব পৰা মতে, নিশা বকো অঞ্চলৰ পৰা চোৰাং গৰু ভৰ্তি এখন বাহন অসম-মেঘালয় সীমান্তৱৰ্তী উকিয়ামলৈ গৈ থকাৰ খবৰ ছয়গাঁও আৰক্ষীয়ে লাভ কৰিছিল ৷

পুৱতি নিশা ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চোৰাং গৰুৰ গাড়ীখন আটক কৰাৰ বাবে অভিযান চলাইছিল ৷ পুৱা প্ৰায় ৫ মান বজাত চোৰাং গৰু কঢ়িয়াই অনা AS-০১-KC-১৮২৩ নম্বৰৰ চাৰিচকীযা বাহনখন আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে চোৰাং গৰুৰ গাড়ীসহ তিনিজন লোকক আটক কৰি থানালৈ লৈ আহে ৷

লগতে পঢ়ক:পোকে ধৰা চাউল বিতৰণ অংগনাবাড়ী কৰ্মীৰ

ABOUT THE AUTHOR

...view details