অসম

assam

ETV Bharat / state

সমগ্ৰ ৰাজ্যতে পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ ধুমুহাত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ

By

Published : Apr 17, 2019, 2:44 PM IST

সমগ্ৰ ৰাজ্যতে পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

কামৰূপ , 17 এপ্ৰিল :পুৱতি নিশা অহা এক প্ৰচণ্ড ধুমুহাই কঁপাই গ'ল সমগ্ৰ ৰাজ্য ৷ উত্তৰ গুৱাহাটীৰ কৃষ্ণ নগৰতো ধুমুহাৰ ধ্বংস লীলা পৰিলক্ষিত হয়৷ ৰঙালী বিহুৰ পাৰভঙা উৎসাহ উদ্দিপনাৰ মাজতে উত্তৰ গুৱাহাটীত নিশা পাৰ হৈ গ'ল এজাক প্ৰচণ্ড ধুমুহা ৷ নিশা অহা এই প্ৰচণ্ড ধুমুহাত উত্তৰ গুৱাহাটীৰ কৃষ্ণ নগৰত বিস্তৰ ক্ষতি সাধন হয় । ইপিনে গাৱঁবাসীয়ে জনোৱা অনুসৰি গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ লগতে ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰে ৷ নিশা হঠাৎ অহা এই ধুমুহাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ ৷

সমগ্ৰ ৰাজ্যতে পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

আনহাতে গোলাঘাটতো বুধবাৰে পুৱা অহা বিধ্বংসী ধুমুহাত নগৰ খনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইপিনে নগৰৰ মাজমজিয়াত ধুমুহাৰ ফলত নগা বাংলা পথৰ কাষৰ এডাল প্ৰায় ষাঠিবছৰীয়া বৃহৎ আম গছ উভালি পথ বন্ধ হৈ পৰে ৷ তদুপৰি আম গছজোপা বিদ্যুতৰ তাঁৰৰ ওপৰত পৰাৰ ফলত নগৰৰ বিদ্যুৎ ব্যাহত হৈ পৰে ৷

ABOUT THE AUTHOR

...view details