অসম

assam

ETV Bharat / state

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ মুখ্যমন্ত্ৰীৰ

চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আৰক্ষী সঞ্চালক প্ৰধানেও কামৰূপৰ বাইহাটা অঞ্চলত চলি থকা চুপাৰী ছিণ্ডিকেটৰ তদন্তৰ নিৰ্দেশ কামৰূপ আৰক্ষীক ।

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন মুখ্যমন্ত্ৰীৰ

By

Published : Aug 9, 2019, 10:54 AM IST


কামৰূপ, 9 আগষ্টঃ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে হাহাকাৰ লগাইছে অসম আৰক্ষীক ৷

চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে হাহাকাৰ লগাইছে অসম আৰক্ষীৰ ভিতৰচ'ৰাত । চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আৰক্ষী সঞ্চালক প্ৰধানেও কামৰূপৰ বাইহাটা অঞ্চলত চলি থকা চুপাৰী ছিণ্ডিকেটৰ তদন্তৰ নিৰ্দেশ দিয়ে কামৰূপ আৰক্ষীক । কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই এক সংবাদ মেল সম্বোধন কৰি চুপাৰী ছিণ্ডিকেটত কামৰূপ আৰক্ষী কোনোপধ্যেই জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে । চুপাৰীয়ে নহয় যিকোনো ধৰণৰ ছিণ্ডিকেট কামৰূপ আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰাৰ পক্ষপাতি বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে । জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে চুপাৰী ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াক দায়িত্ব প্ৰদান কৰে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন মুখ্যমন্ত্ৰীৰ
আনহাতে কামৰূপ জিলা ছাত্ৰ সন্থাই চুপাৰী ছিণ্ডিকেটৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ প্ৰদান কৰি আছু নেতৃত্বই সকলো ধৰণৰ ছিণ্ডিকেট ৰোধ কৰাৰ বাবেও দাবী উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details