বকো,16 আগষ্ট:দক্ষিণ কামৰূপৰ বকোত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ৷ বকোৰ ভানু ভৱনত অনুষ্ঠিত উক্ত সংবাদমেলত অসম-মেঘালয়ৰ সমীপৱৰ্তী লাম্পীৰ সীমা সমস্যাক কেন্দ্ৰ কৰি অসম চৰকাৰ আৰু ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সন্থাটোৱে ৷ লাম্পীত বিগত বৃহস্পতিবাৰে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছতে গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য কমিটিৰ বিশজনীয়া এটি দলে সন্মিলিত লাচিত সেনা অসমৰ সভাপতি আৰু সদৌ ৰাভা ছাত্ৰ সন্থাৰ অৱসৰপ্ৰাপ্ত সভাপতি ৰমেন সিং ৰাভাৰ সৈতে শনিবাৰে লাম্পীত উপস্থিত হৈ ৰাইজৰ সৈতে অঞ্চলটোৰ পৰিৱেশ সম্পৰ্কে মত বিনিময় কৰে ৷
উল্লেখ্য যে,চলিত মাহৰে বিগত বৃহস্পতিবাৰে লাম্পীৰ নিকটৱৰ্তী মাকৈবাৰী আৰু সুন্দৰপুৰ গাঁৱৰ ৰাইজে মাকৈবাৰী-সুন্দৰপুৰ সংযোগী পথটোৰ মেৰামতি কৰি থকা অৱস্থাত মেঘালয় আৰক্ষী উক্ত স্থানত উপস্থিত হৈ উক্ত স্থান মেঘালয়ৰ বুলি দাবী কৰি ৰাস্তাৰ কাম বন্ধ কৰি দিয়ে । লগতে এই কামত নিয়োজিত তিনিগৰাকী বনুৱা আৰু দুগৰাকী স্থানীয় যুৱকক গুৰুতৰভাৱে প্ৰহাৰ কৰি মেঘালয়লৈ লৈ যায় যদিও নিশা মুকলি কৰি দিয়ে ৷