অসম

assam

By

Published : Jan 13, 2020, 10:15 PM IST

ETV Bharat / state

২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী

উল্লেখ্য যে, জ্যোতি ক্ষেত্ৰৰ পৰা অশোকাষ্টমী ক্ষেত্রলৈ নিৰ্মাণ  ভাগে ভাগে পেণ্ডেল কৰা হৈছে ।  ইতিমধ্যে সম্পূৰ্ণ হৈছে মূল টোৰনৰ ৫০% কাম ।

২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী
২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী

শুৱালকুচি, 13 জানুৱাৰী: অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আগন্তুক ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশন । শুৱালকুচিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰত ১২০ বিঘা ভূমিত পূৰ্ণোদ্যমে চলিছে অধিবেশনৰ প্ৰস্তুতি । উল্লেখ্য যে, জ্যোতি ক্ষেত্ৰৰ পৰা অশোকাষ্টমী ক্ষেত্রলৈ নিৰ্মাণ ভাগে ভাগে পেণ্ডেল কৰা হৈছে । ইতিমধ্যে সম্পূৰ্ণ হৈছে মূল টোৰনৰ ৫০% কাম । ২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী । শুৱালকুচি অসম সাহিত্য সভাৰ অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। বাৰে ৰহনীয়া সংস্কৃতিক অনুষ্ঠান, দেশ বিদেশৰ বিশিষ্ট সাহিত্যিকৰ আগমন ঘটিব আগন্তুক অধিবেশনলৈ ।

অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশন

লগতে পঢ়ক: NDFB(S) অস্ত্ৰ সম্বৰণঃ কি চৰ্তত মান্তি হ'ল আলোচনাত বহিবলৈ !

উল্লেখ্য যে, অসম সাহিত্য সভা ৭৫তম অধিবেশনৰ বাবে ইতিমধ্যে সাজি উলিওৱা হৈছে এটি শীৰ্ষ সংগীত ৷ এই গীতটোৰ ৰচনা ডঃ অমৰজ্যোতি চৌধুৰী, কণ্ঠ ডঃ অমৰজ্যোতি চৌধুৰী, অঞ্জন জ্যোতি চৌধুৰী, তপন লহকৰ, গায়ত্ৰী হাজৰিকা, নাহিদ আফ্ৰিন আৰু জয়শ্ৰী কলিতাৰ। শীৰ্ষ সংগীতটোৰ পৰিচালনা ৰূপম তালুকদাৰৰ ৷ সামগ্ৰিক পৰিকল্পনা বিৰাজ কুমাৰ দাসৰ ৷ ইতিমধ্যে সাজি উলিওৱা হৈছে শুৱালকুচি সাহিত্য সভাৰ আদৰণি সমিতিয়ে।

অসম সাহিত্য সভা ৭৫তম অধিবেশনৰ শীৰ্ষ সংগীত মুকলি

ABOUT THE AUTHOR

...view details