অসম

assam

By

Published : Dec 25, 2019, 2:45 PM IST

Updated : Dec 25, 2019, 3:36 PM IST

ETV Bharat / state

গ্ৰাম্য অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে ৰঙিয়া বালিসত্ৰৰ মৃৎ শিল্প

যিটো সময়ত প্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণে মানৱ জাতিৰ প্ৰতি শংকা কঢ়িয়াই আনিছে তেনে সময়তে, অসমৰ কামৰূপ জিলাৰ এখন ভিতৰুৱা গাঁৱত ইয়াৰ বিপৰীতে গঢ়ি উঠিছে নীৰৱ বিপ্লৱ ৷ ৰঙিয়াৰ সমীপৱৰ্তী বালিসত্ৰ নামৰ গাঁৱখনে মৃৎ শিল্পৰ দ্বাৰা কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

Pottery Art of Rangia Balisatra, ৰঙিয়া বালিসত্ৰৰ মৃৎ শিল্প, Plastic pollution and Pottery Art, প্লাষ্টিক প্ৰদূষণ আৰু মৃৎ শিল্প
ৰঙিয়া বালিসত্ৰৰ মৃৎ শিল্প

ৰঙিয়া, 25 ডিচেম্বৰঃ কামৰূপ গ্ৰাম্য জিলাৰ এখন অতিকে ভিতৰুৱা অঞ্চল, ৰঙিয়াৰ পৰা কিছু নিলগত অৱস্থিত এই অঞ্চলটো হৈছে বালিসত্ৰ ৷ বালিসত্ৰৰ বহুকেইটা পৰিয়ালে গ্ৰাম্য অৰ্থনীতিৰ লগতে জনজীৱনৰ প্ৰতি ইতিবাচক প্ৰভাৱেৰে এতিয়াও অব্যাহত ৰাখিছে মৃৎ শিল্পৰ চৰ্চা ৷ প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনৰ নীৰৱ যোদ্ধা বালিসত্ৰবাসীয়ে মৃৎ শিল্পৰ দ্বাৰা পৰিৱেশ সংৰক্ষণটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ মৃৎ শিল্পৰ দৰে ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰাই অঞ্চলটোৰ বহু পৰিয়ালে মাটিৰ পাত্ৰ নিৰ্মাণ কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে৷ পূৰ্বতে অঞ্চলটোৰ অৰ্ধ-শতাধিক পৰিয়ালে এই শিল্পৰ চৰ্চা কৰি আছিল যদিও বৰ্তমান সময়ত কেইটামান পৰিয়ালেহে অতি কষ্টেৰে এই শিল্পটো জীয়াই ৰাখিবলৈ সক্ষম হৈছে ৷ পুৰণিকলীয়া নীতিৰে মাটিৰ সামগ্ৰী তৈয়াৰ কৰা এইসমূহ পৰিয়ালে বিভিন্ন সমস্যা আৰু অভাৱৰ মাজেৰে নিজৰ শিল্পকলা অব্যাহত ৰাখিছে যদিও উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ ভয়াৱহতাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ গীতিকাৰে ৰচিলে এটি বিশেষ গীত !

প্লাষ্টিক নিষিদ্ধ কৰাৰ পিচত মৃৎ শিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব লাগিছিল যদিও বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই ৷ এইক্ষেত্ৰত মৃৎ শিল্পীসকলৰ প্ৰতি চৰকাৰৰ কৰণীয় বহুটো আছে ৷ পৰিৱেশ অনুকূল ক্ষুদ্ৰ উদ্যোগ তথা গ্ৰাম্য অৰ্থনীতিৰ অন্যতম অংগ মৃৎ শিল্পক জীয়াই ৰাখিবলৈ প্ৰশিক্ষণৰ লগতে নতুন প্ৰযুক্তিৰে আগবাঢ়িব লাগিব ৷ প্ৰচুৰ সম্ভাৱনা থকা এই ক্ষুদ্ৰ উদ্যোগটো জীয়াই ৰখাৰ বাবে কল্যাণমূলক আঁচনিকে ধৰি প্ৰশিক্ষণ আঁচনি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ উন্নত মানদণ্ডৰ আধুনিক প্ৰযুক্তিৰ লগতে উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰাই এই ক্ষুদ্ৰ উদ্যোগটোক পুনৰ জীয়াই তুলিব পৰা যাব ৷

ৰঙিয়া বালিসত্ৰৰ মৃৎ শিল্প

বালিসত্ৰবাসী ৰাইজে বংশানুক্ৰমিকভাৱে এই শিল্পৰ সৈতে জড়িত হৈ আহিছে ৷ মাটিৰ দ্বাৰাই তেওঁলোকে বিভিন্ন পাত্ৰৰ লগতে সামগ্ৰী নিৰ্মাণ কৰি আহিছে যদিও উপযুক্ত বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই ৷ গাঁৱবাসী ৰাইজৰ চৰকাৰলৈ আহ্বান তেওঁলোকক উপযুক্ত প্ৰশিক্ষণৰ লগতে সাহাৰ্য প্ৰদান কৰিলে প্লাষ্টিকৰ বিৰুদ্ধে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ উদ্যোগটোৰ দ্বাৰানীৰৱে এক প্ৰদূষণমুক্ত সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈ পৰিব ৷

Last Updated : Dec 25, 2019, 3:36 PM IST

ABOUT THE AUTHOR

...view details