অসম

assam

By

Published : May 21, 2019, 1:45 PM IST

Updated : May 21, 2019, 1:54 PM IST

ETV Bharat / state

চাকৰিৰ প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনাঃ ৰাইজে ধৰি গটাই দিলে আৰক্ষীক !

এশ গৰু মাৰিলে বাঘৰো মৰণ । চাকৰি দিম বুলি নানান প্ৰলোভনেৰে ৰঙিয়াৰ বঙালীকুছিৰ বহুলোকৰ পৰা টকা লৈ আৰক্ষীৰ জালত পৰিল এগৰাকী ৷

লাখ লাখ টকা লুটি আৰক্ষীৰ জালত এগৰাকী

ৰঙিয়া, 21 মে' : এশ গৰু মাৰিলে বাঘৰো মৰণ । জালত পৰিল চাকৰি দিম বুলি নানান প্ৰলোভনেৰে ৰঙিয়াৰ বঙালীকুছিৰ বহুলোকৰ লাখ লাখ টকা আত্মসাৎ কৰা জাকিৰ হুছেইন নামৰ এগৰাকী লোক । চাকৰিৰ লোভ দেখুৱাই অঞ্চলটোৰ বহুলোকৰ পৰা ধন আত্মসাৎ কৰা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী হুছেইনক ৰাইজে ধৰিবান্ধি গতাই দিলে আৰক্ষীক ৷
বিভিন্ন বিভাগত চাকৰি দিম বুলি ৰঙিয়াৰ বঙালিকুছিৰ কেইবাজনো লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল কামৰূপ জিলাৰ আমিনগাঁৱৰ গড়কাপ্টানি বিভাগত কৰ্মৰত কৰ্মচাৰীজনে ।

লাখ লাখ টকা লুটি আৰক্ষীৰ জালত এগৰাকী

প্ৰৱঞ্চকজনে চাৰি বছৰ উকলি যোৱাৰ পাচতো নানান চলাহী কথাৰে লোকসকলক আভুৱা ভাৰি আহিছিল । শেষত ধৈৰ্য্যৰ বান্ধ চিগাত কেইবাজনো লোকে সোমবাৰে আমিনগাঁৱৰ পৰা লোকজনক ৰঙিয়ালৈ লৈ আহে । হাতত চেক বহী লৈ ঘুৰি ফুৰা জাকিৰ হুছেইনে ৰাইজৰ আগত অতি কম দিনৰ ভিতৰত লোৱা টকাবোৰ ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত ৰাইজে ৰঙিয়া আৰক্ষীক গতাই দিয়ে লোকজনক ।

Last Updated : May 21, 2019, 1:54 PM IST

ABOUT THE AUTHOR

...view details