অসম

assam

অসমৰ ভূমি বেদখলৰ চেষ্টা মেঘালয় প্ৰশাসনৰ

By

Published : Feb 22, 2020, 10:04 PM IST

অসমৰ চিৰ সেউজ ভূ-খণ্ড লাম্পীত বৰ্তমানো বিৰাজমান উত্তপ্ত পৰিস্থিতি ৷ অসমৰ ভূমিত আৰক্ষী চকী স্থাপনৰ প্ৰস্তুতি চলাইছে মেঘালয়ে ৷ ইতিমধ্যে মেঘালয়ৰ স্থানীয় লোকে সেই বিবাদমান ভূমিত সাজিছে ঘৰ ৷

অসমৰ ভূমি হস্তান্তৰৰ চেষ্টা মেঘালয়ৰ
অসমৰ ভূমি হস্তান্তৰৰ চেষ্টা মেঘালয়ৰ

বকো, 22 ফেব্ৰুৱাৰীঃবৰ্তমানো উত্তপ্ত পৰিস্থিতি বিৰাজমান অসমৰ চিৰ সেউজ ভূ-খণ্ড লাম্পীত ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত লাম্পীত উপস্থিত হৈছিল কামৰূপ জিলা প্ৰশাসনৰ এটা উচ্চস্তৰীয় দল ৷ এই কথাৰ উমান পাই লাম্পীৰ উমালিত সষ্টম হৈ পৰিছিল মেঘালয়ৰ আৰক্ষী, কামাণ্ডোকে ধৰি একাংশ লোক ৷ অসম আৰক্ষী, প্ৰশাসনৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈছিল মেঘালয়ৰ আৰক্ষীৰ লগতে লোকসকল ৷

অসমৰ ভূমি হস্তান্তৰৰ চেষ্টা মেঘালয়ৰ

অসম চৰকাৰৰ এটা সীমান্ত আৰক্ষী চকীক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিবাদৰ ৷ অসমৰ ভূমিতেই অসসমৰ সীমান্ত আৰক্ষী চকী নিৰ্মাণত বাধা প্ৰদান চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৷ ইয়াৰ পৰিৱৰ্তে সেই ভূমিত আৰক্ষী চকী স্থাপনৰ প্ৰস্তুতি চলাইছে মেঘালয়ে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও মেঘালয়ে অসমৰ ভূমিত নিৰ্মাণ কৰিছে নিজৰ সীমান্ত আৰক্ষী চকী ৷ ইতিমধ্যে মেঘালয়ৰ স্থানীয় লোকে সেই বিবাদমান ভূমিত সাজিছে ঘৰ ৷ এতিয়াও বিবাদমান অঞ্চলটোত আৰক্ষী, নিৰাপত্তাৰক্ষীৰ দল লৈ বাহৰ পাতি আছে মেঘালয় প্ৰশাসনৰ এটা বৃহৎ দলে ৷ যাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়কঃবকোৰ নামনি লাম্পীত অসম প্ৰশাসন আৰু মেঘালয় প্ৰশাসনৰ মাজত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details