অসম

assam

By

Published : May 27, 2021, 10:17 PM IST

ETV Bharat / state

ছয়গাঁৱত খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে

বিধায়ক গৰাকীৰ লগত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে জলসম্পদ বিভাগৰ বহু কেইগৰাকী জেষ্ঠ অভিযন্তা তথা বিষয়াই পৰিদৰ্শন কৰিলে গৰাখহনীয়া অঞ্চল ৷ ইতিমধ্যে এই খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয়ভাৱে 3 কোটি ‍10 লাখ টকা অনুমোদন দিয়া হৈছে বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷

MLA Rekibuddin Ahmed observed erroson at Soygaon
ছয়গাঁৱত খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে

ছয়গাঁও 27 মে': দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামুৰীয়া বৃহত্তৰ আমবাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই ধৰিছে কালৰূপ । তীব্ৰ খহনীয়াৰ কবলত পৰিছে অঞ্চলটোৰ বৃহৎ এলেকা । বৃহস্পতিবাৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ বিধায়ক গৰাকীৰ লগত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে জলসম্পদ বিভাগৰ পলাশবাী গুমি প্ৰকল্পৰ অধীক্ষক অভিযন্তা আব্দুল মুনিম মজুমদাৰ,পলাশবাৰী গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা দীপেন শৰ্মা,সহকাৰী কাৰ্যবাহী অভিযন্তা দীপাংকৰ ৰয়কে ধৰি কেইবাগৰাকী বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে । বিধায়ক ৰেকিবুদ্দিন আহমেদে উক্ত অঞ্চল পৰিদৰ্শন কৰি সমস্যাটো সমাধান কৰাৰ কথা উল্লেখ কৰে । স্থানীয় বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইতিমধ্যে এই খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয়ভাৱে 3 কোটি ‍10 লাখ টকা অনুমোদন দিয়া হৈছে ৷ অৱশ্যে বৰ্তমান নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জিঅ’বেগৰ কাম আৰম্ভ কৰিব পৰা নাই যদিও বৰ্তমান পাৰ্কুপাইন পেলোৱাৰ কাম আৰম্ভ হৈছে ৷

আনহাতে জিলা উপায়ুক্ত আৰু জল সম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ বৃহস্পতিবাৰে বিধায়ক গৰাকীয়ে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাত স্থানীয় ৰাইজ কিছু আশ্বস্ত হোবাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম খৰতকীয়া কৰাৰ ব্যৱস্থা কৰাৰ বাবে বিধায়ক গৰাকীক স্থানীয় ৰাইজে অনুৰোধ জনাইছে ৷ এই ক্ষেত্ৰত বিধায়ক গৰাকীয়ে যিকোনো বিনিময়ত এই গৰাখহনীয়াৰ কবলৰ পৰা ৰাইজক উদ্ধাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰৰ এই তীব্ৰ গৰাখহনীয়াই পলাশবাৰী গুমি মথাউৰিটোৰ এক বৃহৎ অঞ্চললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

লগতে পঢ়কঃসতৰ্ক হওক: বৰপেটাত সক্ৰিয় হৈছে চাইবাৰ অপৰাধী চক্ৰ

ABOUT THE AUTHOR

...view details