অসম

assam

By

Published : Oct 19, 2022, 1:39 PM IST

ETV Bharat / state

Corruption in flood relief: ৰঙিয়াত বান সাহাৰ্য্য প্ৰদানত ব্যাপক খেলিমেলি

ৰঙিয়াৰ বানত কোঙা ৰাইজ বঞ্চিত বান সাহায্যৰ পৰা । বান সাহায্য প্ৰদানৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন জনে । নথি-পত্ৰ জমা কৰাৰ পিছত এককালীন বান সাহায্যৰ তালিকাত নাম নাহিল ৰঙিয়াৰ বহুকেইজন লোকৰ(Corruption in flood relief) ।

massive ruckus in flood relief in rangia
ৰঙিয়াত বান সাহাৰ্য্য প্ৰদানত ব্যাপক খেলিমেলি

ৰঙিয়া,১৯ অক্টোবৰ:ৰঙিয়াৰ বগৰীবাৰীত এককালীন বান সাহায্যৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ(Corruption in flood relief) । বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ নকৰিলে এককালীন বান সাহায্য । সুদীৰ্ঘ চাৰি মাহে মথাউৰিৰ ওপৰত দুৰ্বিসহ জীৱন কটাবলৈ বাধ্য হৈছে দণ্ডী দাসৰ পাঁচজনীয়া পৰিয়ালটো । বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বাৰে বাৰে গৈ বিফল হৈছে দণ্ডী দাস(Flood victims do not get flood relief) ।

সকলো নথি-পত্ৰ জমা কৰাৰ পিছত এককালীন বান সাহায্য লাভ কৰাৰ তালিকাৰ ৫৫৮ নম্বৰৰ ক্ৰমিক নম্বৰত নাম আহিছিল দণ্ডী দাসৰ । লিষ্টখনত নাম অহাৰ পিছতে উৎফুল্লিত হৈ পৰিছিল পৰিয়ালটো । কিন্তু আজি দুমাহে এককালীন বান সাহায্যৰ টকা লাভ নকৰিলে ভুক্তভোগী পৰিয়ালটোৱে । গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু তামুলপুৰ উপায়ুক্তৰ কাৰ্যালয়ত তাঁতবাতি কাঢ়ি ভাগৰি পৰিছে ।

প্ৰতিবাৰে আশ্বাস দিয়ে দুই এদিনৰ ভিতৰত লাভ কৰিব এককালীন বান সাহায্যৰ ৯৫ হাজাৰ এশ টকা । কিন্তু আজি দুমাহে লাভ নকৰিলে এককালীন বান সাহায্যৰ টকা । এয়া দণ্ডী দাসৰ উদাহৰণহে । ৰঙিয়াৰ বিভিন্ন অঞ্চলত বহু লোকৰ এককালীন বান সাহায্যৰ লিষ্টত নাম অহাৰ পিছতো আজিও লাভ নকৰিলে এককালীন বান সাহায্যৰ টকা ।

কাৰ ভুলৰ বাবে বানত সৰ্বস্বান্ত হোৱাৰ পিছতো পৰিয়ালবোৰে লাভ নকৰিলে টকা । বানত ক্ষতি নোহোৱা লোকে এককালীন বান সাহায্য লাভ কৰাৰ ওপৰত উচিত তদন্ত কৰাৰ আহ্বান চৰকাৰক । লগতে বানত নিজৰ সপোনৰ ঘৰটো হেৰুওৱা লোকসকলক ততাতৈয়াকৈ এককালীন বান সাহায্য প্ৰদান কৰাৰ আহ্বান চৰকাৰক ।

উল্লেখ্য যে বানৰ মাজতে ভগ্ন মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই পৰিদৰ্শন কৰি আশ্বাস দিছিল বান সাহায্য প্ৰদান কৰাৰ কথা । কিন্তু চৰকাৰে এককালীন বান সাহায্য প্ৰদান কৰাৰ পিছতো ভূক্তভোগী বানাক্ৰান্তই এককালীন বান সাহায্য লাভ নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

লগতে পঢ়ক:Fit India Freedom Run: তেজপুৰত ফিট ইণ্ডিয়া ফ্ৰিদম ৰান

For All Latest Updates

ABOUT THE AUTHOR

...view details