অসম

assam

By

Published : Sep 10, 2019, 4:18 PM IST

ETV Bharat / state

এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপল মিল'ৰ কেবাজনো শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি ৷ সুদীৰ্ঘ সময় ধৰি বন্ধ হৈ আছে বস্ত্ৰ উদ্যোগটো ৷

এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

ৰঙিয়া,10 ছেপ্টেম্বৰঃ মঙলবাৰে ৰঙিয়াৰ তুলসীবাৰিস্থিত ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ 'এপল মিল'ৰ কেবাজনো শ্ৰমিকে আত্মহত্যাৰ ভাবুকি প্ৰদান কৰে ৷ বস্ত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি উদ্যোগটোৰ শ্ৰমিক আৰু কৰ্মচাৰী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে ধৰ্ণা দিয়ে ৷ তেওঁলোকৰ দাবী অনুসৰি যদিহে বস্ত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত অনতিপলমে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়,তেতিয়াহলে কেবাজনো শ্ৰমিকে আত্মহত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰে ৷

এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

উল্লেখ্য যে এসময়ত মিলটোৰ উৎপাদিত সামগ্ৰী সমূহে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সুদীৰ্ঘ সময় ধৰি বস্ত্ৰ উদ্যোগটো বন্ধ হৈ থকাৰ বাবে মিলটোৰ লগত জড়িত পৰিয়ালবোৰৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ উদ্যোগটোৰ প্ৰায়ভাগ কৰ্মচাৰীয়ে উপায়বিহীন হৈ পৰিয়ালক পোহপাল দিয়াৰ নিমিত্তে দিন হাজিৰা কৰিব লগা হৈছে ৷ বহু পৰিয়ালে ইতিমধ্যে মিলৰ আৱাসগৃহ এৰি দুখেৰে ঘৰমুৱাও হৈছে ৷ ইপিনে যি 4/5 টা পৰিয়াল আছে,তেওঁলোকেও এপলৰ চৌহদ এৰি যোৱাৰ প্ৰস্তুতি চলাই আছে ৷ আনহাতে মিলটো এতিয়া হাবি-জংঘলে আৱৰি ধৰাই নহয় মিলটোত থকা কোটি কোটি টকাৰ মেচিন বোৰো বেয়া হ'বলৈ ধৰিছে। সেয়ে ক্ষোভিত শ্ৰমিক-কৰ্মচাৰী সকলে চৰকাৰে ঘোষণা কৰা 10 কোটিৰ বাকী থকা টকাখিনি মোকলাই দি বস্ত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবী জনাইছে । লগতে চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা 24 ছেপ্টেম্বৰত ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে শ্ৰমিক-কৰ্মচাৰী সকলে ৷

ABOUT THE AUTHOR

...view details