অসম

assam

ETV Bharat / state

কমলপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক খেলিমেলি

কমলপুৰত ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ ৷ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি তৎকালীন ভাবে বলৱৎ হোৱাকৈ নিৰ্মাণ সমিতি খন ভংগ কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷

kamalpur-mla-dissatisfy-regarding-construction-of-public-auditorioum
কমলপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক খেলিমেলি

By

Published : May 26, 2021, 8:30 PM IST

বাইহাটা, 26 মে': কামৰূপ জিলাৰ কমলপুৰত প্ৰায় তিনি কোটি টকাৰে নিৰ্মাণ কাৰ্য চলি থকা এটি ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক খেলিমেলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ ২০১৮ বৰ্ষত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা ৰাজহুৱা প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্য আনটাইড ফাণ্ডেৰে চলি আছে যদিও নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতিৰ অভিযোগ তোলে বিধায়ক গৰাকীয়ে ।

কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰচিং বে’ৰ সৈতে বিধায়ক কলিতাই নিৰ্মাণ স্থলী পৰিদৰ্শন কৰি বিধায়ক গৰাকীয়ে প্ৰেক্ষাগৃহৰ নিৰ্মাণ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে । প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰী ঠিকাদাৰ গৰাকীয়ে নিৰ্মাণ সমিতিৰো সম্পাদক হিচাপে কাম কৰাৰ অভিযোগৰে বিধায়ক গৰাকীয়ে তৎকালীন ভাৱে বলৱৎ হোৱাকৈ নিৰ্মাণ সমিতিখন ভংগ কৰি দিয়ে ।

কমলপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক খেলিমেলি

বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে, আনটাইড পুজিৰ পৰা প্ৰথম কিস্তিত ৫০ লাখ, দ্বিতীয় কিস্তিত ৩০ লাখ, তৃতীয় কিস্তিত ২৫ লাখ, আৰু চতুৰ্থ ১০ লাখ টকা বৰ্তমান পৰ্যন্ত লাভ কৰিছে যদিও কামৰ অগ্ৰগতিত আশানুৰূপ ভাবে হোৱা নাই । সেয়ে প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ পৰৱৰ্তী কামখিনি লোকনিৰ্মাণ বিভাগক হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ।

ইফালে বিধায়ক গৰাকীয়ে দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকা কমলপুৰৰ মাজমজিয়াৰ মুল পথটোৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভণি কৰে । অন্যহাতে বিধায়ক গৰাকীয়ে ব্যক্তিগত ধনেৰে কমলপুৰৰ পৰিদৰ্শন বঙলাত ত্ৰিশ হাজাৰ মাস্ক আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে । বিজেপিৰ কমলপুৰ মণ্ডল আৰু বিহদিয়া জাজিকোনাৰ মণ্ডল সভাপতিৰ জৰিয়তে এই সামগ্ৰী সমূহ বিতৰণ কৰা হব বুলি বিধায়ক গৰাকীয়ে সদৰি কৰে ।

লগতে পঢ়ক :বৰাকত মঙলবাৰে 7 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details