ৰঙিয়া, 25 ছেপ্তেম্বৰ :ৰঙিয়া পলিক্লিনিকৰ বিষয় সন্দৰ্ভত বুধবাৰে হাস্পতাল কৰ্তৃপক্ষই সংবাদমেল আয়োজন কৰাৰ পিছত বৃহস্পতিবাৰে কল্পনা চৌধুৰী আৰু তেওঁৰ স্বামীয়ে পুনৰ সংবাদমেলৰ আয়োজন কৰে । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলত কল্পনা চৌধুৰীৰ স্বামীয়ে তেওঁলোকৰ সন্তানটো পলিক্লিনিকৰ 'ডাক্টৰ সমাজে' বিক্ৰী কৰা বুলি দোষাৰোপ কৰে ।
সঁচাকৈ চিকিৎসকে বিক্ৰী কৰিছিল নেকি কল্পনা চৌধুৰীৰ নৱজাতকটি !
ৰঙিয়া পলিক্লিনিক সন্দৰ্ভত কল্পনা চৌধুৰীৰ পুনৰ সংবাদমেল ৷ তেওঁলোকৰ সন্তানটো পলিক্লিনিকৰ 'ডাক্টৰ সমাজে' বিক্ৰী কৰা বুলি দোষাৰোপ কৰে দুয়ো পতি-পত্নীয়ে ৷
ৰঙিয়া পলিক্লিনিক সন্দৰ্ভত কল্পনা চৌধুৰীৰ পুনৰ সংবাদমেল
লগতে ডাঃ অৰুণাভ বৰা আৰু ডাঃ পংকজ কলিতাই বিবৃতি প্ৰদান নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰে দম্পত্তিহালে । আনহাতে, হাস্পতালৰ চিচিটিভি কেমেৰাৰ ফুটেজ ৰাজহুৱা কৰিবলৈও দাবী জনাই কল্পনা চৌধুৰীয়ে ৷