বাইহাটাত বেতন বঞ্চিত কৰ্মচাৰীৰ হাহাকাৰ
কামৰূপ পলিটেকনিকৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে বহু মাহ ধৰি লাভ কৰা বেতন ৷ চৰকাৰৰ পৰা পোৱা নাই সঁহাৰি
বাইহাটা, 14 আগষ্ট : ক্ষোভিত হৈ পৰিছে বিগত 12 মাহে মাহিলী বেতনৰ পৰা বঞ্চিত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী । বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে বহু মাহ ধৰি লাভ কৰা নাই মাহিলী বেতন ৷ ফলত এতিয়া পানীত হাহ নচৰা অৱস্থা হৈছে এইসকল কৰ্মচাৰীৰ ৷ চৰকাৰ আৰু কাৰিকৰী বিভাগৰ সঞ্চালকৰ পৰা কোনো সূদুত্তৰ পোৱা নাই বুলি উল্লেখ কৰে কৰ্মচাৰীসকলে ৷ পূৰ্বে কৰ্মচাৰীসকলৰ দৰমহা আদায় দিছিল এইচ আৰ ডি কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফৰ্চ প্ৰা:লি: নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে । কিন্তু ব্যক্তিগত প্ৰতিষ্ঠানটোৰ লগত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ ফলত এইদৰে মাহিলী বেতনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কৰ্মচাৰীসকল ।