অসম

assam

By

Published : Jun 30, 2020, 5:24 AM IST

ETV Bharat / state

ৰাণীত উদ্ধাৰ 10 ফুট দৈৰ্ঘ্যৰ প্ৰায় 10 কিলোগ্ৰাম ওজনৰ প্ৰকাণ্ড অজগৰ

মহানগৰীৰ ৰাণীগেটত থকা এডাল গছত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰ ৷ সাপডালক চাবলৈ ৰাইজৰ হেতা ওপৰা ৷ পিচত উদ্ধাৰ কৰি বন বিভাগত চমজাই দিয়া হয় অজগৰ সাপডাল ৷

In the rescue of a python weighing about 10 kilograms, 10 feet long
In the rescue of a python weighing about 10 kilograms, 10 feet long

দক্ষিণ কামৰূপ, 30 জুন : লক্ ডাউনৰ মাজত মহানগৰীৰ ৰাণীগেটত ভিৰ একাংশ লোকৰ ৷ এডাল বিশেষ গছলৈ দৃষ্টি নিৱদ্ধ সকলোৰে । সকলোৱে কেৱল চাইছে গছ ডালৰ ওপৰলৈ ৷ কি সাধাৰণ জনতা, কি আৰক্ষী সকলোৱে গাড়ী ৰখাই হলেও চাইছে গছটোলৈ । আনকি কোনোবাই কোনোবাই ফটোও তুলিছে গছডাললৈ বুলি । আনহাতে গছজোপাৰ ওপৰৰে উৰি ফুৰিছে কাউৰী আদি বিভিন্ন চৰাই । সকলোৰে কেৱল চকু গছডালৰ শিখৰলৈ ।

কাৰণ পুৱাৰে পৰা মহানগৰীৰ ৰাণীগেটত এডাল গছৰ শিখৰত উঠি আছে এডাল প্ৰকাণ্ড অজগৰ সাপ । পুৱাৰ ভাগতে বৰষুণ দি থকাৰ সময়ত বনাঞ্চলৰ পৰা ওলাই আহি গছডালৰ এটি ডালত উঠি আছিল প্ৰকাণ্ড অজগৰ সাপডাল ৷ সেয়ে অজগৰ সাপডালক চাবলৈ বুলি ৰাইজৰ ভিৰ ৷ প্ৰকাণ্ড সাপডাল উদ্ধাৰৰ বাবে ওলাই আহিল কেইবাজনো লোক ৷ প্ৰথমে বাহেৰে নমাবলৈ চেষ্টা কৰিও ব্যৰ্থ হয় ৷ এজন যুৱকে গছজোপাত উঠি যায় যদিও সাপডাল উদ্ধাৰ কৰাত বিফল হোৱাত আন এজন লোক উঠি গৈ গছৰ ডাল কাটি পিচত উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰ সাপডাল ।

10 ফুট দৈৰ্ঘ্যৰ প্ৰায় ১০ কিলোগ্ৰাম ওজনৰ অজগৰ উদ্ধাৰ ৰাণীত

সাপডাল প্ৰায় 10 ফুট দৈৰ্ঘ্যৰ হোৱাৰ লগতে প্ৰায় 10 কিলোগ্ৰাম ওজন হ'ব বুলি অনুমান কৰা হৈছে । সাপডাল গছৰ পৰা উদ্ধাৰ কৰা শ্বাসৰুদ্ধকৰ পৰিৱেশ চাবৰ বাবে পুৱাই পুৱাই ভিৰ কৰেহি জনতাই । পিছত সাপডাল উদ্ধাৰ কৰি বনবিভাগৰ লোকক চমজাই দিয়া হয় ।

ইয়াৰ পূৰ্বেও অঞ্চলটোত বনাঞ্চলৰ পৰা বহু অজগৰ সাপ ওলাই আহে কিন্তু প্ৰায়ে বন বিভাগ সাপ সমূহ ধৰাত ব্যৰ্থ হয় ৷

ABOUT THE AUTHOR

...view details