অসম

assam

By

Published : Nov 17, 2019, 10:55 PM IST

ETV Bharat / state

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত চৰম অৰাজক অৱস্থা ৷ দৰমহাৰ পৰা বঞ্চিত তিনি নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাত্তাৰক্ষীৰ প্ৰতিবাদ

গুৱাহাটী,17 নৱেম্বৰ: মহানগৰীৰ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অৰাজক অৱস্থা । দৰমহাৰ পৰা বঞ্চিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাপত্তাৰক্ষীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে জিন্টুমণি ভাগৱতী, দিগন্ত বৰা আৰু তপন চেতিয়া নামৰ এই তিনিজন নিৰাপত্তাৰক্ষী ৷ যোৱা তিনিমাহ পূৰ্বে এই তিনিজন নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছিল সমাধিক্ষেত্ৰ কৰ্তৃপক্ষই । কিন্তু দিনে নিশা কামত নিয়োজিত থকা নিৰাপত্তাৰক্ষী কেইজনে বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ দৰমহাৰ পৰা । মেঘালয়ৰ কৰ্ণেল চিচিপাল চিকিউৰিটি চাৰ্ভিছৰ এই তিনিজন নিৰাপত্তাৰক্ষীয়ে কৰ্মবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰাত, তেওঁলোকক দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কৰ্তৃপক্ষই । কিন্তু ইয়াৰ পিছতো আজি পৰ্যন্ত দৰমহা হৈ নুঠিল নিৰাপত্তাৰক্ষীকেইজনৰ ৷ বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই উক্ত বিষয়টোৰ পৰা গা এৰা দি থকাৰ অভিযোগ নিৰাপত্তাৰক্ষী তিনিজনৰ । চৰকাৰৰ অনীহাৰ ফলত এতিয়া চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ।

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাত্তাৰক্ষীৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details