অসম

assam

আৰ্থিক দৈন্যতাই জুৰুলা কৰা এটি পৰিয়াল

By

Published : Apr 23, 2020, 2:19 PM IST

আৰ্থিক দৈন্যতাই কোঙা কৰি তোলা সোণাপুৰ গাঁ‌ও পঞ্চায়তৰ অন্তৰ্গত মহমাৰা গা‌ঁৱৰ বিজয় দাসৰ পৰিয়ালটো ৷ বিজয় দাসৰ পত্নীয়ে মানুহৰ ঘৰে ঘৰে দিন হাজিৰা কৰে আৰু হাজিৰা কৰি পোৱা টকাৰে ৰুগীয়া বিজয় দাসৰ চিকিৎসা কৰে ৷ সেয়েহে ভঙা জুপুৰীত দিন কটাবলগীয়া হৈছে বিজয় দাসৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

আৰ্থিক দৈন্যতাই জুৰুলা কৰা এটি পৰিয়াল
আৰ্থিক দৈন্যতাই জুৰুলা কৰা এটি পৰিয়াল

গুৱাহাটী, 23 এপ্ৰিল :এটি পৰিয়াল। আৰ্থিক দৈন্যতাই জুৰুলা কৰি পেলাইছে পৰিয়ালটিক । দশক দশক জুৰি বসবাস কৰি অহা পৰিয়ালটিৰ ভঙা জুপুৰীটো খোদ দিছপুৰ সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ সোণাপুৰ গাঁ‌ও পঞ্চায়তৰ অন্তৰ্গত মহমাৰা গা‌ঁৱৰ বিজয় দাসৰ ঘৰ ।

আৰ্থিক দৈন্যতাই জুৰুলা কৰা এটি পৰিয়াল

এফালে আৰ্থিক দৈন্যতা আৰু আনফালে বিজয় দাসৰ ৰুগীয়া শৰীৰ। কেৱল জীয়াই থকাৰ তাৰণাত বিজয় দাসৰ পত্নীয়ে মানুহৰ ঘৰে ঘৰে দিন হাজিৰা কৰে আৰু যিখিনি টকা পায় সেইখিনিৰে ৰুগীয়া বিজয় দাসৰ চিকিৎসা কৰে,যাৰ বাবে আজিও 4 সদস্যসহ বিজয় দাসৰ পৰিয়ালটোৱে ভঙা জুপুৰীত দিন কটাবলগীয়া হৈছে ।

ঘৰ প্ৰদানৰ নামত প্ৰতিজন পঞ্চায়ত প্ৰতিনিধিয়ে বাৰে বাৰে জুপুৰীটোৰ ফটো সংগ্ৰহ কৰি লৈ যায় যদিও বৰ্তমানো পঞ্চায়ত তথা চৰকাৰ-প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ১৪ খন জিলাত ২৮ খন ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details