অসম

assam

By

Published : Dec 4, 2019, 2:47 PM IST

ETV Bharat / state

মহিলা সৱলীকৰণৰ দিশত গ্ৰাম স্বৰাজ পৰিষদৰ অৱদান

মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গ্ৰাম স্বৰাজ পৰিষদে মহিলাক সৱল কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমান ১৩০০ মহিলাক সংস্থাপনৰ বাট দেখুৱাইছে এই গ্ৰাম পৰিষদে ৷

১৩০০ মহিলাক সংস্থাপন
গ্ৰাম স্বৰাজ পৰিষদ

ৰঙিয়া, 4 ডিচেম্বৰ : ৰঙিয়াৰ গ্ৰাম স্বৰাজ পৰিষদ হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে বাট বুলা এটি স্বেচ্ছাসেৱী সংগঠন ৷ অঞ্চলটোৰ গ্ৰামাঞ্চলৰ মহিলাসকলক উৎপাদনমুখী কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই পৰিষদে ৷ প্ৰদূষণৰ পৰা বহু যোজন দূৰত অৱস্থান কৰা এই গ্ৰাম স্বৰাজে বৰ্তমান ১৩০০ মহিলাক সংস্থাপনৰ বাট দেখুৱাইছে । ১৯৭৪ চনত প্ৰয়াত নিৰঞ্জন কলিতা আৰু বীৰেন্দ্ৰ বৰদলৈয়ে স্থাপন কৰা গ্ৰাম স্বৰাজ পৰিষদে মহিলা সবলীকৰণ আৰু উদ্যোগীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে । বিশেষকৈ গাঁৱৰ মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ পাছত পলু যোগান ধৰে এই সংস্থাটোৱে ৷ পিছত মহিলাসকলে পলুৰ পৰা উৎপাদন হোৱা সূতা কাপোৰ পুনৰ গ্ৰাম স্বৰাজ পৰিষদকেই বিক্ৰী কৰে । ইয়াৰ দ্বাৰা ৰঙিয়া মহকুমাৰ প্ৰায় ১৩০০ মহিলা বৰ্তমান লাভান্বিত হৈছে ।

গ্ৰাম স্বৰাজ পৰিষদৰ অৱদান

ইয়াৰ উপৰিও গ্ৰাম স্বৰাজ পৰিষদৰ বিশাল উদ্যোগ ক্ষেত্ৰত পাট, মূগা, হাতে বনোৱা কাগজৰ ফাইল, খাটি সৰিয়হৰ তেল, মমবাতিকে আদি কৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয় । তাৰোপৰি এই বেচৰকাৰী সংস্থাটোৰ কাম-কাজ সুচাৰুভাৱে চলাই নিবলৈ প্ৰায় অৰ্ধ শতাধিক কৰ্মচাৰীয়ে কাম কৰে, যাৰে অধিকাংশ‌ই মহিলা কৰ্মচাৰী । মহাত্মা গান্ধীয়ে দেখুৱাই দিয়া পথেৰে আগবাঢ়ি গ্ৰাম স্বৰাজ পৰিষদে অঞ্চলটোৰ গ্ৰামাঞ্চলৰ মহিলাসকলক সুস্থিৰভাৱে উৎপাদনমুখী কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

আৰু পঢ়ক : পি চিদাম্বৰমৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details