অসম

assam

ETV Bharat / state

শক্তি বিভাগৰ অভিযন্তাৰ বিৰুদ্ধে সৰৱ গোৰেশ্বৰবাসী

গোৰেশ্বৰত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এজাহাৰ দাখিল । গাঁওখনৰ বিকল হোৱা ট্ৰান্সফৰ্মাৰ এটা সলাই দিয়াৰ দুদিন পাচতে বিকল হৈ পৰাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷

Goreswar people FIR against electricity officer
বিদ্যুৎ বিভাগৰ অভিযন্তাৰ বিৰুদ্ধে সৰৱ গোৰেশ্বৰবাসী

By

Published : Jul 26, 2020, 9:04 AM IST

গোৰেশ্বৰ, 26 জুলাই : ৰঙিয়াৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত শনিবাৰে কলাকুছি বামুণ গাঁৱৰ ৰাইজে শক্তি বিভাগৰ ৰঙিয়া সংমণ্ডলৰ সহকাৰী অভিযন্তা এগৰাকীৰ বিৰুদ্ধে গোৰেশ্বৰ থানাত দাখিল কৰে এজাহাৰ ।

গাঁওখনৰ ৰাইজৰ অভিযোগ অনুসৰি, গাঁওখনৰ বিকল হোৱা ট্ৰান্সফৰ্মাৰ এটা সলাই দিয়াৰ বিনিময়ত শক্তি বিভাগৰ কৰ্মচাৰীয়ে 15000 টকা বিচাৰিছিল ৷ কিন্তু গাঁওবাসীয়ে 11000 টকা আদায় দিয়াৰ পাচত ট্ৰান্সফৰ্মাৰটো সলাই দিয়ে যদিও দুদিন পাচতে বিকল হৈ পৰে ৷

বিদ্যুৎ বিভাগৰ অভিযন্তাৰ বিৰুদ্ধে সৰৱ গোৰেশ্বৰবাসী

ইয়াকে লৈ গাঁওবাসীয়ে গোৰেশ্বৰস্থিত শক্তি বিভাগৰ কাৰ্যালয়ত অভিযোগ উত্থাপন কৰে যদিও কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে টকা কমকৈ দিয়াৰ বাবে বেয়া হোৱা বুলি মন্তব্য আগবঢ়ায় । আনহাতে, ইয়াৰ বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাচত গোৰেশ্বৰৰ সংবাদদাতা এগৰাকী আৰু আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশীয়ে বিভাগটোৰ বিষয়া এগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে: ২৭ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details