ৰঙিয়া, 24 জুন: ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কৱলত পৰিছে (Flood situation in Assam)। লাহে লাহে বান পৰিস্থিতি উন্নত হৈছে যদিও ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি (Flood at Rangia) ৷
কিছুদিন পূৰ্বে ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত নিশা হঠাতে মথাউৰী ভাঙি যোৱাৰ সময়ত কোনোমতে নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ ওখ ঠাইলৈ ঢাপলি মেলিছিল নৈপৰীয়া ৰাইজে । ফলত মথাউৰিৰ ওপৰতে বাঁহ আৰু টিৰপাল টানি আশ্ৰয় শিবিৰ সাজি লৈ বহু অসুবিধাৰ মাজেৰে থাকিবলৈ বাধ্য হৈছে অঞ্চলটোৰ লোকসকল ৷ এনে পৰিস্থিতিত বিশেষকৈ মহিলাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । সম্প্ৰতি এটুপি পানীৰ বাবে হাহাকৰ কৰিব লগা অৱস্থা হৈছে এই সকল বানগ্ৰস্ত লোকে (Flood victims crying for a drop of water and some foods in flood camp) ৷