অসম

assam

By

Published : May 7, 2022, 1:14 PM IST

ETV Bharat / state

আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ ল’ব নালাগিছিল: সঞ্জীৱৰ মাতৃ

চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত আলফা(স্বা)ৰ দ্বাৰা মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক (Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ এই বাতৰি ওলোৱাত এতিয়া এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে সঞ্জীৱৰ ঘৰত ৷

family-reacts-on-sanjiv-sarmas-death-sentence-by-ulfa
আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ ল’ব নালাগিছিল: সঞ্জীৱৰ মাতৃ

বাইহাটা, 7 মে’:অৱশেষত, সঞ্জীৱ শৰ্মাক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে ৷ এই বাতৰি ওলোৱাত এতিয়া এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে সঞ্জীৱৰ ঘৰত (Mourn in Sanjiv's home after ULFAI killed him) । আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ ল’ব নালাগিছিল বুলি কান্দি কান্দি মন্তব্য প্ৰকাশ কৰিলে তেওঁৰ মাতৃয়ে (Family reacts on Sanjiv Sarma's death) । মাতৃয়ে মন্তব্য কৰিলে যে, ঘৰখনৰ ডাঙৰ ল'ৰা সঞ্জীৱক দেউতাকে বহু কষ্টৰে ডাঙৰ দীঘল কৰিছিল ৷

উল্লেখ্য যে, মৃত্যুদণ্ড বিহা হৈছে আলফা(স্বা)ৰ দুগৰাকী সদস্যক ৷ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক (Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ মৃত্যুৰ পূৰ্বে দুয়োগৰাকীৰ স্বীকাৰোক্তিৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আলফা(স্বা) য়ে ৷ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এক বিবৃতি ৷

আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ ল’ব নালাগিছিল: সঞ্জীৱৰ মাতৃ

অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ হৈ আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰিছিল সঞ্জীৱে ৷ আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছিল ৷পৰৱৰ্তী সময়ত প্ৰকাশ পাইছিল পুনৰ এটা ভিডিঅ’ ৷ এই ভিডিঅ'টোত সঞ্জীৱ শৰ্মাই তেওঁৰ সৈতে কোন কোন জড়িত হৈ আছিল আৰু তেওঁলোকৰ মিছন কি, কিহৰ বাবে তেওঁক আলফা স্বাধীনলৈ প্ৰেৰণ কৰা হৈছিল, তাৰ বিষয়ে সদৰি কৰিছে ৷

লগতে পঢ়ক :সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা)ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details